মানকাচৰ – হাটশিঙিমাৰীত নাৰী দিৱস উপলক্ষে স্কুলীয়া ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা। প্ৰতিযোগিতাত বিজয়ী ছাত্ৰী সকলৰ মাজত মানপত্ৰসহ পুৰস্কাৰ বিতৰণ।
অন্তৰ্জাতীয় নাৰী দিৱস উপলক্ষে সোমবাৰে হাটশিঙিমাৰীত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ তিনি শতাধিক ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতামূলক খেল-ধেমালি অনুষ্ঠিত কৰা হয়। প্ৰতিযোগিতাত বিজয়ী ছাত্ৰী সকলৰ মাজত মানপত্ৰ আৰু বিতৰণ কৰা কাৰ্যই বিশেষ তাৎপৰ্যপূৰ্ণ বহন কৰিছে।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থিত মেগনেট একাডেমিত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। নাৰী দিৱস উপলক্ষে এখন সজাগতা সভাৰ আয়োজন কৰাৰ লগতে ছাত্ৰী সকলৰ মাজত খেল-ধেমালি অনুষ্ঠিত কৰা হয়।
ছাত্ৰী সকলৰ মাজত বিভিন্ন খেল-ধেমালি অনুষ্ঠিত কৰি প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত প্ৰতিযোগী সকলৰ মাজত মানপত্ৰ আৰু পুৰস্কাৰ বিতৰণ কৰা হয়। ৰাষ্ট্রীয় সেৱা যোজনা চমুকৈ এন এছ এছৰ হাটশিঙিমাৰী গোটৰ অধীনত আৰু হাটশিঙিমাৰী গ্লোবেল ইডুকেশন এণ্ড টেকনো ৱাৰ্ল্ডৰ উদ্যোগত মেগনেট একাডেমীত নাৰী দিৱস পালন কৰা হয়।