নিউজ ডেস্কঃ গুৱাহাটী মহানগৰত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ। ফাঁচী বজাৰস্থিত এখন হোটেলৰ কোঠাত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহটো।

জানিব পৰা মতে, স্বামীৰ সৈতে মহিলাগৰাকী যোৱা ১৪ জানুৱাৰীৰ পৰা ভাড়াত আছিল এখন হোটেলত। হোটেল ৰাজহংসৰ ২০৬ নং কোঠাত বুধবাৰে উদ্ধাৰ হয় এই মৃতদেহটো।

মঙলবাৰে কোঠাটোৰ দুবাৰ নোখোলাত হোটেলখনৰ কৰ্মচাৰীয়ে প্ৰথমে সন্দেহ কৰে আৰু তাৰপাছত কোঠাটোৰ দুৱাৰখন খোলে। দুৱাৰখন খোলাৰ পাছতে কৰ্মচাৰীসকলে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।

খবৰ লাভ কৰাৰ পাছতে মহানগৰ আৰক্ষী হোটেলখনত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। মৃতদেহটো ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে। ইফালে, মৃত মহিলাগৰাকীৰ স্বামী পলাতক অৱস্থাত আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply