হাৰিয়ানাত জন্মতেই এটি নৱজাতক শিশুৰ শৰীৰত ধৰা পৰিছে ক’ভিড পজিটিভ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডে’ত প্ৰকাশ পোৱা মতে ৰাজ্যখনৰ এখন চিকিৎসালয়ত গৰ্ভাৱস্থাত কভিডত আক্ৰান্ত হোৱা এগৰাকী বৃহস্পতিবাৰে মহিলাই এটি ক’ভিড-১৯ পজিটিভ সন্তান জন্ম দিয়ে।

অভিযোগ মতে বহু কেইখন হস্পিতালে ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে গৰ্ভৱতী মহিলা গৰাকীক ভৰ্তি কৰাবলৈ অমান্তি হৈছিল।

প্ৰাপ্ত তথ্য মতে মহিলা গৰাকীৰ পূৰ্বে তেওঁৰ স্বামীৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰিছিল। ফলত লোকজনক আইচ’লেশ্যনত ৰখা হৈছিল।

প্ৰায় বিলাক ব্যক্তিগত হস্পিতালে ভৰ্তি কৰিবলৈ অমান্তি হোৱাত মহিলা গৰাকীক পিছত হাৰিয়ানাৰ আয়ুস্মান ভৱ হস্পিতালত ভৰ্তি কৰা হয়।

অৱশ্যে তেওঁ জন্ম দিয়া সন্তানটো ক’ভিড পজিটিভ যদিও শিশুটিৰ স্বাস্থ্যৰ অৱস্থা সুস্থ বুলি চিকিৎসকে জানিবলৈ দিয়ে।

ইণ্ডিয়া টুডে টিভিৰ আগত এজন চিকিৎসকে দিয়া ভাষ্য অনুসৰি ৰাজ্যখনত ক’ভিডত আক্ৰান্ত মাতৃৰ পৰা গৰ্ভাৱস্থাত থকা সন্তানলৈ ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণ হোৱা এইটোৱে প্ৰথম ঘটনা।

হাৰিয়ানাত ৩০,০০০তকৈ অধিক লোক ক’ভিড-১৯ত আক্ৰান্ত হৈ আছে। ৰাজ্যখনত নতুনকৈ ক’ভিডত আক্ৰান্ত লোকৰ সংখ্য হৈছে ৫,৮৫৮ গৰাকী আৰু মৃত্যু হৈছে ১৮ গৰাকী লোকৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply