বোকাখাতঃ বোকাখাতৰ ভকতচাপৰিত ভয়ংকৰ মাৰপিটৰ ঘটনা। গাঁৱখনৰ এটা সামূহিক ভৱনকলৈ ৰাইজৰ মাজত চলি থকা এটা দীৰ্ঘদিনীয়া সংঘাতৰ পৰিণতিত শনিবাৰে সংঘটিত হয় মাৰপিটৰ ঘটনা। জানিব পৰা মতে, সংঘাত চলি থকা উক্ত বিষয়ৰ ক্ষেত্ৰভিত্তিক তদন্তৰ বাবে গৈছিল অতিৰিক্ত দণ্ডাধীশ ঋতুপৰ্ণা দাস। মহিলা দণ্ডাধীশ গৰাকীৰ উপস্থিতিতে এই মাৰপিটৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
আক্ৰমণকাৰীৰ হাতত গুৰুত্বৰ ভাৱে আঘাতপ্ৰাপ্ত হৈছে গাঁৱখনৰ নবীন বড়ি নামৰ এজন লোক। আঘাত প্ৰাপ্ত লোকজনক ইতিমধ্যে যোৰহাট মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে। উত্তেজিতলোকে মহিলা দণ্ডাধীশ ঋতুপৰ্ণা দাসকো আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে ঘটনাস্থলীত বোকাখাত আৰক্ষী উপস্থিত হোৱাৰ পিছত পৰিস্থিতি কিছু খাম কাটে।