গুৱাহাটী : গণেশগুৰিৰ পৰা সন্ধানহীন এগৰাকী মহিলা। মঙলবাৰে গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপৰ পৰা সন্ধানহীন হয় মহিলা গৰাকী। গণেশ মন্দিৰত এখন বাহনৰ পৰা নমাৰ পিছৰে পৰা সন্ধানহীন হৈ পৰে মহিলা গৰাকী।

মিনাক্ষী দে নামৰ মহিলা গৰাকী মাতৃৰ সৈতে পাঞ্জাৱৰীৰ পৰা এখন বাহনত আহি গণেশ মন্দিৰত নমাৰ পিছতে হঠাৎ সন্ধানহীন হৈ পৰে। মহিলা গৰাকী কাহিলিপাৰাৰ দক্ষিণগাঁৱৰ এজন আত্মীয়ৰ ঘৰলৈ যাবলৈ মাতৃৰ সৈতে আহিছিল।

লগতে পঢ়ক  :  অসম লোকসেৱা আয়োগত ৫১ টা পদত নিযুক্তি সৃষ্টি

৪০ বছৰীয়া মহিলা গৰাকীক বিশেষভাৱে সক্ষম। মহিলা গৰাকীৰ ঘৰ পাঞ্জাৱৰীৰ অমৃতপুৰত। কোনো লোকে এই মহিলা গৰাকীৰ প্ৰত্যক্ষ কৰিলে ৯১০১৫৩০৮৬৫ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply