ছয়গাওঁ – এগৰাকী মহিলাৰ আক্ৰমণত প্ৰাণ গ’ল আন এগৰাকী মহিলাৰ। এই ঘটনা কামৰূপ গ্ৰাম্য জিলাৰ ছয়গাঁৱৰ বামুণীগাঁওৰ নিজ বগাইৰ। উত্তৰা বড়ো নামৰ এগৰাকী মহিলাৰ আক্ৰমণত তেওঁৰেই ঘৰত কাম কৰা ছোৱালীৰ মাতৃ নিহত হৈছে। ইফালে এই ঘটনাত আহত হয় সুশীলা বড়ো আৰু কাম কৰা ছোৱালী শিৱানী ৰাভা। নিহত মহিলাগৰাকীৰ নাম প্ৰতিভা ৰাভা (৫৫) বুলি জানিব পৰা গৈছে। মহিলাগৰাকীৰ ঘৰ পলাশবাৰীৰ ৰাজাপাৰাত আছিল। ইতিমধ্যে বকো আৰক্ষীয়ে উত্তৰা বড়োক গ্ৰেপ্তাৰ কৰা হৈছে। পাৰিবাৰিক কন্দলৰ বাবে উত্তৰা বড়োৱে এই পৰিকল্পিত আক্ৰমণ সংঘটিত কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কৰ্মসূত্ৰে স্বামী অশোক বড়োৰ সৈতে হত্যাকাৰী উত্তৰা বড়ো গুৱাহাটীৰ ৰূপনগৰত বসবাস কৰে। পুৱা উত্তৰা বড়োৱে শাহুৱেক সুশীলা বড়োক হঠাৎ দাৰে আক্ৰমণ কৰে। এই ঘটনাত সুশীলা বড়োক ৰক্ষা কৰিবলৈ অহা শিৱানী ৰাভা আৰু তেওঁৰ মাতৃকো আক্ৰমণ কৰে উত্তৰা বড়োৱে। এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় তিনিদিন পূৰ্বে কন্যা শিৱানীৰ খৱৰ ল’বলৈ অহা প্ৰতিভা ৰাভা। পিছত চিকিৎসালয়ত মৃত ঘোষণা কৰে প্ৰতিভা ৰাভাক।

হত্যাকাৰীৰ উত্তৰা বড়োই আক্ৰমণ কৰা দাখন এটা পুখুৰীত পেলাই দি পলায়ন কৰিবলৈ লওতে স্থানীয় ৰাইজে কৰায়ত্ত কৰি বকো আৰক্ষীক গতাই দিয়ে।

(প্ৰতিবেদক – সংবাদদাতা, বকো)

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply