গোলাঘাট : মহিলাৰ বিৰুদ্ধে হিংসাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে ২০৩০ চনৰ ভিতৰত ঐক্যবদ্ধ হোৱাৰ আহ্বানেৰে ৰাষ্ট্রসংঘৰ সচিব প্ৰধানে আৰম্ভ কৰা অভিযানৰ অংশৰূপে অসম চৰকাৰৰ সমাজ কল্যান সঞ্চালকালয়ে ১৬ দিনীয়া এটা কাৰ্যসূচী গ্ৰহণ কৰিছে।

ইয়াৰ সৈতে সংগতি ৰাখি গোলাঘাট জিলা সমাজ কল্যান বিভাগৰ উদ্যোগতো মহিলা আৰু ছোৱালীৰ বিৰুদ্ধে সকলো ধৰণৰ লিংগ বৈষম্য আৰু হিংসা নোহোৱা কৰাৰ লক্ষ্যৰে আজি পুৱা গোলাঘাট নগৰৰ জেনেৰেল ফিল্ডৰ পৰা এটা সজাগতা ৰেলী উলিওৱা হয়। জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই এই ৰেলী পতাকা জোকাৰি শুভাৰম্ভ কৰে।

লগতে পঢ়ক : কন্যাক ইউনিয়নৰ সংবাদ মেলত নাগালেণ্ডৰ পৰা আফ্স্পা প্ৰত্যাহাৰৰ দাবী

ৰেলীত জিলা উন্নয়ন আয়ুক্ত শ্ৰীযুতা অৰ্পা বাগলাৰী, ভাৰপ্ৰাপ্ত জিলা সমাজ কল্যান বিষয়া শ্ৰীযুতা গৌৰীপ্ৰিয়া দেউৰী, সহকাৰী আয়ুক্ত শ্ৰী পাপু গগৈ আৰু জিলা প্ৰশাসনৰ বিষয়ববীয়া, আৰক্ষী, অংগনৱাড়ী কৰ্মী, ব্লক পৰ্যায়ৰ মহিলা কৰ্মী, জীৱিকা সখী, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, বিভিন্ন বেচৰকাৰী সংস্থাৰ প্ৰতিনিধি আদিয়ে অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply