কোকৰাঝাৰ (অসম): অসমৰ কোকৰাঝাৰ জিলাত এগৰাকী আদিবাসী মহিলাক ডাইনী সন্দেহত হানি-খুচি হত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে।
২৩ জুলাই, শনিবাৰে নিশা জিলাখনৰ বঙাইজোৰা গাঁৱৰ দ্বিতীয় খণ্ডত সংঘটিত হৈছিল এই নৃসংশ হত্যাকাণ্ড।
কোকৰাঝাৰ থানাৰ আৰক্ষী বিষয়াই জনোৱা অনুযায়ী ৫৫ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ তেওঁৰ ঘৰৰ বাৰাণ্ডাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হয়।
আৰক্ষীয়ে কয়, “একাধিকবাৰ ছুৰিকাঘাত কৰা হৈছিল মহিলাগৰাকীক। যদিও গাওঁবাসীয়ে এই সন্দৰ্ভত মৌনতা অৱলম্বন কৰিছে, তথ্য অনুসৰি তেওঁলোকে অতীততো মহিলাগৰাকীক হত্যা কৰিবলৈ চেষ্টা কৰিছিল, তেওঁক ডাইনী বুলি অভিহিত কৰি কেবাবাৰো হত্যাৰ চেষ্টা চলিছিল।”
ঘটনা সন্দৰ্ভত ইতিমধ্যে তিনিজন লোকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰখা হৈছে।