নিউজ ডেস্কঃ সহকৰ্মীয়ে আলিংগন কৰোতেই বুকুৰ হাঁড় ভাঙি গ’ল মহিলাৰ। এই ঘটনাটো সংঘটিত হৈছে চীনৰ হুনান প্ৰদেশত।
বাতৰি অনুসৰি, চীনৰ য়ুয়াং চহৰৰ হুনান প্ৰদেশৰ এগৰাকী মহিলাই কাৰ্যালয়ত এগৰাকী সহকৰ্মীৰ সৈতে কথা পাতি থকাৰ মাজতে পুৰুষ সহকৰ্মীগৰাকীয়ে মহিলাগৰাকীক জোৰেৰে সাৱটি ধৰিছিল। পুৰুষ গৰাকীয়ে ইমান জোৰেৰে সাৱটি ধৰিছিল যাৰ ফলত মহিলাগৰাকী বেদনাত চিঞৰি উঠিছিল।
মহিলাগৰাকী কাৰ্যালয়ৰ পৰা সন্ধিয়া ঘৰলৈ ওভতি গৈ বুকুত প্ৰচণ্ড বিষ অনুভৱ কৰিছিল। বুকুৰ বিষ লাহে লাহে ইমানেই বৃদ্ধি পাবলৈ ধৰিলে তেওঁ চিকিৎসকৰ কাষ চাপিবলৈ বাধ্য হ’ল। মহিলাগৰাকীৰ বুকুৰ এক্স-ৰে কৰাত ধৰা পৰিল যে মহিলাগৰাকীৰ বুকুৰ সোঁফালে আৰু বাওঁফালে মুঠ তিনিডাল কামি হাঁড় ভাঙি গৈছে।
যন্ত্ৰণাত মহিলাগৰাকীয়ে কামৰ পৰা কেইদিনমানৰ ছুটি লৈছিল। ফলস্বৰূপে, তেওঁৰ উপাৰ্জনো হ্ৰাস পাইছিল। মহিলাগৰাকীয়ে দাবী কৰিছিল যে তেওঁৰ ওচৰত থকা সকলো ধন চিকিৎসাৰ বাবে খৰচ কৰা হৈছে গতিকে চিকিৎসাৰ বাবদ খৰছ হোৱা সকলো ধন সহকৰ্মীজনে ঘূৰাই দিব লাগে। কিন্তু সহকৰ্মীজনে দাবী কৰিছে যে তেওঁৰ আলিঙ্গনৰ বাবেই যে বুকুৰ হাঁড় ভাঙি গৈছে ইয়াৰ প্ৰমাণ কি?
ইয়াৰ পিছতে মহিলাগৰাকীয়ে সহকৰ্মীগৰাকীৰ বিৰুদ্ধে ক্ষতিপূৰণ বিচাৰি আদালতত এক গোচৰ ৰুজু কৰে। গোচৰটোৰ শুনানিৰ সময়ত, আদালতে সহকৰ্মীজনক ক্ষতিপূৰণ হিচাপে ১০,০০০ ইউয়ান(yuan) (ভাৰতীয় মুদ্ৰাত ১.১৬ লাখ টকা) পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়ে।
অৱশ্যে, সহকৰ্মীজনে এই বিষয়ে নস্যাৎ কৰিছিল আৰু কৈছিল তেওঁৰ আলিঙ্গনৰ দ্বাৰা মহিলাগৰাকী আঘাত হোৱা নাই। ইয়াৰ কোনো উচিত প্ৰমাণ নাই।