নিউজ ডেস্কঃ বিগত প্ৰায় এসপ্তাহ ধৰি অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে চলোৱা অভিযানত বহুতো কমবয়সীয়া বিবাহিত মহিলাৰ স্বামীক জেললৈ প্ৰেৰণ কৰা হৈছে । যাৰ ফলত মহিলাসকল এক দিশহাৰা দৰে পৰিস্থিতিৰ সন্মুখীন হোৱা দেখা গৈছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা কেবিনেট সভাত বাল্য বিবাহৰ ফলত ভুক্তভোগী হোৱা মহিলাৰ বাবে এক গঠনমূলক পদক্ষেপৰ ল’বৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে । কেবিনেট বৈঠকৰ পিছতেই শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰি জনাই যে, বাল্য বিবাহৰ ফলত ভুক্তভোগী হোৱা মহিলাক শীঘ্ৰেই পুনৰ সংস্থান দিয়াৰ বাবে ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিব।
ভুক্তভোগী মহিলাসকলৰ বাবে পুনৰ সংস্থানৰ বিষয়টো কেনেদৰে সমাধান কৰিব পাৰি তাক অধ্যয়ন কৰি মুখ্যমন্ত্ৰী শৰ্মাক প্ৰতিবেদন দাখিল কৰিবলৈ এক তিনিজনীয়া কেবিনেট কমিটি গঠন কৰি দিয়া হৈছে। কমিটিখনত মন্ত্ৰী ৰণোজ পেগুকে ধৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু বিত্ত মন্ত্ৰী অজন্তা নেওগক প্ৰতিবেদন তৈয়াৰৰ বাবে দায়িত্ব দিয়া হৈছে।
উল্লেখ্যযোগ্য যে, বাল্য বিবাহৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানক সফল বুলি আখ্যা দি কেবিনেট সভাত ভূয়সী প্ৰশংসা কৰাৰ লগতে এই অভিযান অব্যাহত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়ক- বাল্য বিবাহঃ গ্ৰেপ্তাৰ ২ সহস্ৰাধিক লোকক, নিৰ্মাণ অস্থায়ী কাৰাগাৰ