মৰিয়ানি : মৰিয়ানিত সংঘটিত হৈছে এক ৰহস্যজনক আত্মহত্যাৰ ঘটনা। তিনি বছৰীয়া কন্যা সন্তানসহ এগৰাকী মাতৃয়ে আত্মহত্যা কৰাৰ ঘটনা সংঘটিত হৈছে মৰিয়ানিত। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ।সৃষ্টি কৰিছে।
মৰিয়ানিৰ নাগিনীজান চাহ বাগিচাত এক আত্মহত্যাৰ ঘটনাই জোকাৰি হৈছে সমগ্ৰ অঞ্চল। শনিবাৰে নিশাৰ ভাগত এগৰাকী মাতৃয়ে কন্যা সন্তানসহ আত্মহত্যা কৰাৰ খবৰে অঞ্চলতটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
নিশাৰ ভাগত কন্যা সন্তানসহ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। সুনিতা এক্কা নামৰ মহিলা গৰাকীৰ লগতে তিনি বছৰীয়া কন্যা সন্তানৰ মৃতদেহ ঘৰৰ ভিতৰত উদ্ধাৰ হয়। চিপ লৈ থকা অৱস্থাত মাতৃ কন্যাৰ মৃতদেহ উদ্ধাৰ হয় বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক : ৰাইজে আটক কৰিলে এজন মিঠাতেল চোৰক
ঘটনাৰ খবৰ পাই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মাতৃ-কন্যাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীয়ে মৃত মহিলা গৰকীয়ে স্বামীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।