গুৱাহাটী : বনৰীয়া হাতীৰ আক্ৰমণত শুকুৰবাৰে গোৱালপাৰা জিলাত এগৰাকী ৭০ বছৰীয়া মহিলাই মৃত্যুক সাবটিব লগীয়া হয়।
গোৱালপাৰাৰ বন সংমণ্ডল বিষয়া জিতেন্দ্ৰ কুমাৰে জনোৱা মতে শুকুৰবাৰে পুৱা প্ৰায় ৭ বজাত গোৱালপাৰাৰ দোহেলাৰ কৰকুচি অঞ্চলত এটা বনৰীয়া হাতীয়ে আহি বৃদ্ধ মহিলা গৰাকীক আক্ৰমণ কৰাত তেওঁৰ থিতাতে মৃত্যু হয়।
উল্লেখযোগ্য যে এইটো মাহত হাতীৰ আক্ৰমণত এতিয়ালৈকে জিলাখনত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে চলিত বৰ্ষত গোৱালপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত ১৯ জন লোকৰ মৃ্ত্যু হৈছে।
লগতে পঢ়ক : হেলথ চিটী হাস্পতালৰ সহযােগত এণ্ডোস্ক’পী চিকিৎসাৰ লাইভ ৱৰ্কশ্বপ