নিউজ ডেস্কঃ এটি শিশু জন্ম হোৱাৰ সময়ত সকলো অংগ সম্পূৰ্ণৰূপে বিকশিত আৰু কাম কৰি আছেনে নাই সেই বিষয়ে নজৰ ৰাখে চিকিৎসকে। কিন্তু কিছুমান শিশু জন্মৰ পৰাই শুনিব, চাব, মুখৰ মাত উলিয়াব, খোজকাঢ়িব নোৱাৰে। এনে শিশু জন্ম পোৱাৰ হাৰ বহু কম যদিও একেবাৰে নোহোৱা নহয়।

মাজে সময়ে দেখা যায় যে, কিছুমান শিশু মাইক্ৰ’টিয়া নামৰ বিৰল জন্মগত অৱস্থাত এই জগতলৈ আহে। এই অৱস্থাত শিশুটিৰ কাণ সম্পূৰ্ণৰূপে বিকশিত নহয়। কিন্তু তাৰ মাজতে এনেদৰে জন্ম লাভ কৰা লোকসকলৰ বাবে আহিছে এক ভাল খবৰ।

নিউয়ৰ্ক টাইমছৰ খবৰ অনুসৰি, থ্ৰী ডি প্ৰিন্ট কৰা জীৱন্ত টিছ্যু সংৰোপন (3D-printed living tissue implant) কৰি পুনৰ তেওঁৰ কাণৰ বাহ্যিক অংগ পুনৰ নিৰ্মাণ কৰা হৈছে। আৰু এনেধৰণৰ পৰীক্ষা এয়াই প্ৰথম। আমেৰিকাত মেক্সিকোৰ এগৰাকী ২০ বছৰীয়া যুৱতীৰ মাৰ্চ মাহত এনেদৰে সোঁ কাণ প্ৰতিস্থাপন কৰা হৈছিল। যুৱতীগৰাকীৰ জন্মৰে পৰা সোঁ কাণখন সৰু আৰু অবিকশিত আছিল।

এই সংৰোপনৰ আঁৰৰ কোম্পানী থ্ৰীডি বায়’ থেৰাপিউটিকছ (3DBio Therapeutics)য়ে এনেদৰে কাণৰ বাহ্যিক অংগ পুনৰ সাধাৰণ লোকৰ দৰে কৰাৰ কথা ঘোষণা কৰিছে যদিও এয়া কেনেকৈ কৰা হয় বা ইয়াৰ পদ্ধতি সম্পৰ্কে সকলো কথা ৰাজহুৱা কৰা নাই বৰ্তমানলৈ।

কোম্পানীটোৱে জনোৱা মতে, এই সংৰোপনত থ্ৰী ডি প্ৰিন্ট কৰা কলাজেন হাইড্ৰ’জেল স্কাফল্ডেৰে গঠিত, য’ত ৰোগীৰ নিজৰ কাৰ্টিলেজ কোষো আছিল। প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে যে, ”এই সংৰোপনৰ বাবে ৰোগীৰ বাওঁ কাণৰ আকাৰ আৰু আকৃতিৰে মিলাই প্ৰিন্ট কৰা হয়।”

লগতে প্ৰেছ বিজ্ঞপ্তিত কোম্পানীটোৱে আশা ব্যক্ত কৰিছে যে- কেলিফৰ্ণিয়াৰ, ল’ছ এঞ্জেলছ আৰু টেক্সাছৰ ছান এন্টনিঅ’ত অনুষ্ঠিত এই ক্লিনিকেল ট্ৰায়েলত মাইক্ৰ’টিয়া ৰোগত আক্ৰান্ত ১১জন ৰোগীক ভৰ্তি কৰা হ’ব আৰু এই তথ্যসমূহ এখন মেডিকেল জৰ্ণেলত প্ৰকাশ কৰা হ’ব।

ইফালে, এই পদ্ধতি সম্পন্ন কৰা অস্ত্ৰোপচাৰ বিশেষজ্ঞ ডাঃ আৰ্টুৰো বনিলাই কয়- ”মাইক্ৰ’টিয়া ৰোগীৰ চিকিৎসা কৰা এজন চিকিৎসক হিচাপে এই প্ৰযুক্তিয়ে মাইক্ৰ’টিয়া ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে কি অৰ্থ বহন কৰিব পাৰে, সেই বিষয়ে জানি মই অনুপ্ৰাণিত হৈছো। এই অধ্যয়নে আমাক ৰোগীৰ নিজৰ কাৰ্টিলেজ কোষ ব্যৱহাৰ কৰি কাণ পুনৰ নিৰ্মাণৰ বাবে এই নতুন পদ্ধতিৰ সুৰক্ষা আৰু নান্দনিক গুণৰ বিষয়ে অনুসন্ধান কৰিবলৈ অনুমতি দিব।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply