গুৱাহাটীঃ অসমৰ প্ৰথমটো ফুটবল ক্লাব হিচাপে দেশৰ শীৰ্ষতম মহিলা ফুটবল লীগ ‘হিৰো ইণ্ডিয়ান ৱিমেনছ লীগ’ (আই ডব্লিউ এল)ৰ ২০২১-২২ ছিজনৰ কোৱালিফায়াৰ্ছৰ বাবে মনোনীত হৈছে গুৱাহাটী চিটী এফচি (জিচিএফচি) ৷

২০ জানুৱাৰীৰ পৰা দেশৰ ৰাষ্ট্ৰীয় ছিনিয়ৰ মহিলা ফুটবল দলে মুম্বাইত এএফচি ৱিমেনছ এছিয়ান কাপৰ বাবে প্ৰতিদ্বন্দ্বিতাত নমাৰ গৌৰৱময় মুহূৰ্তৰ মাজতে এই সুখবৰ আহিছে অসমৰ ফুটবল জগতলৈ ৷

সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ নিয়ম অনুসৰি অসম ফুটবল সন্থাই নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে আই ডব্লিউ এলৰ কোৱালিফায়াৰ্ছৰ বাবে গুৱাহাটী চিটী এফ চিৰ নাম মনোনীত কৰে ৷

বিগত বৰ্ষৰ ৮ জুনত নাৰী দিৱসৰ দিনা অসমৰ মহিলা ফুটবলৰ উন্নয়নৰ দীৰ্ঘম্যাদী লক্ষ্য আৰু আই ডব্লিউ এলত অসমক প্ৰতিনিধিত্ব কৰাৰ সপোন লৈ গুৱাহাটী চিটী এফচিয়ে মহিলা ফুটবল দল গঠন কৰিছিল ৷ ক্লাবৰ ফুটবল একাডমীতো কেইবাগৰাকী প্ৰতিভাৱান ছোৱালী ফুটবলাৰে প্ৰশিক্ষণ লৈ আছে ৷

ৰাজ্যত প্ৰথম বাৰলৈ গ’ল্ডেন বেবী লীগ আয়োজন কৰা গুৱাহাটী চিটী এফ চিয়ে এইবাৰ আই ডব্লিউ এলৰ কোৱালিফায়াৰ্ছত অংশ লৈ আন এক অভিলেখ গঢ়াৰ লগতে স্থানীয় মহিলা ফুটবলাৰৰ বাবে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ পূৰ্ণ প্ৰস্তুতি চলাইছে বুলি ক্লাবৰ সঞ্চালক কৌস্তৱ চক্ৰৱৰ্তীয়ে এটা বিবৃতিযোগে সদৰি কৰে ৷ তেওঁ এই মনোনয়নৰ দ্বাৰা অসমৰ ফুটবলত এক নতুন অধ্যায় যোগ দিয়াৰ বাবে অসম ফুটবল সংস্থাক ধন্যবাদ জনায় ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply