হোজাই : যমুনামুখত জীৱিকা সখী নিযুক্তিক লৈ প্রতিবাদ মহিলাৰ। হোজাইৰ বিন্নাকান্দী উন্নয়ন খণ্ডৰ অন্তৰ্গত যমুনামুখত এগৰাকী মহিলাক জীৱিকা সখীৰ পদত নিযুক্তি দিয়াক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ শতাধিক আত্মসহায় গোটৰ মহিলা।
নিযুক্তি লাভ কৰা মহিলা গৰাকীয়ে বিভাগীয় বিষয়াক মেনেজ কৰি জীৱিকা সখীৰ পদত নিযুক্তি লাভ কৰাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী মহিলাই সকলে। অভিযোগ অনুসৰি নিযুক্তি লাভ কৰা মহিলা গৰাকীৰ বিৰুদ্ধে পূর্বৰে পৰা আছে কেতবোৰ অভিযোগ।
একাংশ আত্মসায়ৰ গোটৰ পৰা ধন লোৱাৰ অভিযোগ আছে নিযুক্তি লাভ কৰা মহিলা গৰাকীৰ বিৰুদ্ধে। দীৰ্ঘদিনৰ পৰা বিভাগীয় বিষয়াক প্ৰতিবাদকাৰী মহিলা সকলে অভিযোগ দি আহিছিল যদিও কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
লগতে পঢ়ক : অনিমেষ ভূঞা হত্যাকাণ্ডৰ লগত জড়িত আৰু এজন অভিযুক্ত গ্ৰেপ্তাৰ
শেহতীয়াকৈ যোৱা নৱেম্বৰ মাহৰ ২৯ তাৰিখে পূৰ্বে কোনো জাননী নিদিয়াকৈ জীৱিকা সখীৰ পদ নিযোগ দিয়াৰ নামত লিখিত পৰীক্ষা অনুষ্ঠিত হয় যদিও এই পৰীক্ষাতো বিসংগতি থকাৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী মহিলা সকলে। এই পৰীক্ষা পুণৰ অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰিছে মহিলা সকলে।