বাক্সা : বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত-ভূটান সীমান্তৰ এন কে দৰংগাত একাংশ মহিলাই ৰাজ্যৰ বিজেপি চৰকাৰখনক তীব্ৰ সমালোচনা কৰিছে। চৰকাৰখনৰ সিদ্ধান্তৰ বিৰোধিতা কৰি একাংশ মহিলাই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া আখ্যা দিছে।

মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা আৰ বি আইৰ গাইডলাইনক বিৰোধিতা কৰি মহিলা সকলে প্ৰতিবাদ সাব্যস্ত কৰিছে। ভাৰত-ভূটান সীমান্তৰ এন কে দৰংগাৰ একাংশ মহিলাই চৰকাৰ বিৰোধী শ্লোগান দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক মিছলীয়া আখ্যা দি জাঙুৰ খাই উঠিছে।

প্ৰতিবাদকাৰী মহিলা সকলে অভিযোগ কৰে যে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মাইক্ৰফাইনেঞ্চৰ ঋণ মাফ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোনো ধৰণৰ আৰ বি আইৰ গাইডলাইনৰ কথা উল্লেখ কৰা নাছিল। মহিলাসকলক নিৰ্বাচনী প্ৰচাৰ সভাত মুকলিকৈ মাইক্ৰফাইঞ্চেচৰ ঋণ মাফ কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ড০ হিমন্ত বিশ্ব শৰ্মাই।

লগতে পঢ়ক :  ক’ভিড ভেকচিন লোৱা লোকে লাভ কৰিছে তিনি দিনৰ খাদ্য সামগ্ৰী

বিজেপি দল আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিত বিশ্বাস কৰি মহিলাসকলেও বিজেপিৰ নিৰ্বাচনী সভা-সমিতিত নাচি বাগি আনন্দ উল্লাস কৰিছিল কিন্তু নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ল কিন্তু তেওঁৰ প্ৰতিশ্ৰুতি সমূহ মিথ্যাচাৰত পৰিণত হোৱা বুলি অভিযোগ উত্থাপন কৰে মহিলা সকলে। প্ৰতিবাদী মহিলা সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্লোগান দিয়া পৰিৱেশ উত্তাল কৰি তোলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply