লখিমপুৰ : নিৰ্বাচনৰ পূৰ্বৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ দাবীত প্ৰতিবাদ। নতুন চৰকাৰ গঠন হোৱাৰ পিছতে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষাৰ ক্ষেত্ৰত স্থিতি সকলে চৰকাৰখনে। এতিয়া ক্ষোভিত মহিলা সকলৰ প্ৰতিবাদ। ৰাজ্যৰ প্রান্তে প্রান্তে মহিলাৰ প্ৰতিবাদ। আমাৰ দাবী মানিব লাগিব, আমাৰ ঋণ মাফ কৰক, বিজেপি মূর্দাবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মিছলীয়া শ্ল’গানেৰে উত্তাল সমগ্ৰ ৰাজ্য।
২০২১ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেতিয়াৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ মন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাই-সমিতিয়ে মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলা সকলৰ ঋণ মাফ কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু চৰকাৰ গঠন কৰি হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰী হৈয়ে মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰা সন্দৰ্ভত সলনি কৰিলে নিজৰ পূৰ্বৰ স্থিতি। এতিয়া ইয়াকে লৈ মাইক্ৰ ফাইনেন্সৰ ঋণ লোক মহিলা সকল ক্ষোভিত। প্ৰতিদিনে ঋণ লোক মহিলা সকলে সাব্যস্ত কৰিছে প্ৰতিবাদ।
বিগত কিছুদিন ধৰি ৰাজ্যজুৰি মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলা সকলে প্ৰতিবাদ অব্যাহত ৰাখিছে। শুকুৰবাৰেও মহিলা সকল ওলাই আহি ঋণ মাফ কৰাৰ দাবীত সাব্যস্ত কৰিলে প্ৰতিবাদ। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে লখিমপুৰতো মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলা সকলে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। ক’ভিড বিধি উলংঘা কৰি লখিমপুৰৰ ৰাজপথত শ শ মহিলাই প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰে মাইক্ৰ ফাইনেন্সৰ ঋণ মাফ কৰা সন্দৰ্ভত চৰ্ত সলনি নকৰিলে আত্মহত্যাৰ হুংকাৰ দিয়ে।
আৰু পঢ়কঃ এতিয়া ধৰ্মনিৰপেক্ষ দল হৈ থকা নাই কংগ্ৰেছ দল : জুৰি শৰ্মা বৰদলৈ
প্ৰতিবাদকাৰী মহিলা সকলে কয় যে নিৰ্বাচনৰ পূৰ্বে মাইক্ৰ ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ চৰ্ত বান্ধি দিয়া নাছিল। ঋণ মাফ কৰাৰ প্ৰতিশ্ৰুতিৰে বিজেপিয়ে দিছপুৰ দখল কৰি মহিলা সকলক পাহৰি গ’ল। প্ৰতিবাদকাৰী মহিলা সকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। চৰকাৰে ফাইনেন্সৰ ঋণ ৰেহাইৰ ক্ষেত্ৰত বান্ধি দিয়া চৰ্ত উঠাই নোলোৱা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলিও কয় প্ৰতিবাদকাৰী মহিলা সকলে।