গুৱাহাটীঃ হাৰিয়ানাত উদ্ধাৰ অসমৰ কিশোৰী। সৰ্থেবাৰীৰ মাজদিয়া আৰক্ষীয়ে অভিযান চলাই হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰে কিশোৰীগৰাকীক।

জানিব পৰা মতে, ধুবুৰীৰ বাবুল আলী নামৰ লোকজনে সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গোৰেমাৰীৰ কিশোৰীগৰাকীক বিয়া কৰাৰ প্ৰলোভনেৰে হাৰিয়ানাত ১.২০ লাখ টকাত বিক্ৰী কৰিছিল। আৰক্ষীৰ অনুসন্ধানত এবছৰৰ পিছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিছে।

আৰক্ষীয়ে ধুবুৰীৰ বাবুল আলী ওৰফে চাহাৰ আলীক গ্ৰেপ্তাৰ কৰিছে। বাবুল আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত মাজদিয়া আৰক্ষীয়ে হাৰিয়ানাত অভিযান চলাই কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে কিশোৰীগৰাকীক ক্ৰয় কৰা দুজন লোকক আটক কৰে। আটকাধীন লোক দুজন হাৰিয়ানাৰ ৰাজেশ কুমাৰ আৰু অনিল কুমাৰ বুলি জানিব পৰা গৈছে। এই লোক দুজনে কিশোৰীগৰাকীক পুনৰ আন এজন লোকক বিক্ৰী কৰিছিল।

হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰা লোক দুজনক আজি বৰপেটা আদালতত হাজিৰ কৰা হয়। উল্লেখ্য যে, মাজদিয়া আৰক্ষীথানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল বৰা, কনিষ্টবল চিৰাজ আলী আৰু মহিলা আৰক্ষী কনিষ্টবল পাখিলা বেগমে সন্ধানহীন কিশোৰীগৰাকীৰ সন্ধানত হাৰিয়ানাত অভিযান চলাইছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply