ছয়গাঁওঃ তামোলৰ পেলনীয়া ঢকোৱাৰে প্লেট- বাতিৰ লগতে অন্যান্য বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি স্বাৱলম্বী কামৰূপ গ্ৰাম্য জিলাৰ একাংশ মহিলা।

গুৱাহাটীৰ পৰা ৪০ কিলোমিটাৰ দূৰত্বত থকা ছয়গাঁও আৰু বনগাঁও ব্লকৰ অন্তৰ্গত গাঁওসমূহত এতিয়া তামোলৰ ঢকুৱাৰ ব্যৱহাৰেৰে বৃহৎ উদ্যোগ স্থাপনৰ বাট মুকলি হৈছে।

ছয়গাঁৱৰ উদ্যেগী মহিলা সোণতি ৰাভাই সংবাদমাধ্যমৰ আগত কয়, ”আমি কেতিয়াও ভবা নাছিলো যে তামোল গছৰ আৱৰ্জনাৰে কেৱল ৰাজ্যখনতে নহয়, সমগ্ৰ দেশতে চাহিদা থকা সামগ্ৰী নিৰ্মাণ কৰিব পৰা যাব বুলি। ইয়ে আমাক জীৱিকা উপাৰ্জনৰ ক্ষেত্ৰটো সহায় কৰিছে।”

প্ৰজেক্ট প্ৰগতি’ৰ সহ-প্ৰতিষ্ঠাপক অনিৰ্বাণ গুপ্তাই কয় যে প্ৰায় চাৰি বছৰ আগতে এটা বেচৰকাৰী সংগঠন Dhriiti-The Courage ৰ অধীনত ছয়গাঁও আৰু বনগাঁও ব্লকত তামোল গছৰ ঢকোৱাৰ পৰা প্লেট প্ৰস্তুত কৰাৰ প্ৰশিক্ষণ দিয়াৰ মানসেৰে প্ৰজেক্ট প্ৰগতি’ নামৰ এটা প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল।যেতিয়া এই প্ৰচেষ্টাটো প্ৰথম কৰা হৈছিল, তেতিয়া কোনোৱেই বিশ্বাস কৰিব পৰা নাছিল যে এটা পেলনীয়া সামগ্ৰীক এনে এটা সামগ্ৰীলৈ ৰূপান্তৰিত কৰিব পৰা যাব, যাৰ কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে এক লাভজনক বজাৰ আছে।

যোৱা চাৰি বছৰত এই প্ৰকল্পৰ সহায়ত ৩০ গৰাকী মহিলা উদ্যোগীয়ে ঘৰুৱা উৎপাদন ইউনিট স্থাপন কৰা, আৰু আন ৩৫০ গৰাকী কেঁচামাল সংগ্ৰাহক আৰু মেচিন অপাৰেটৰ হিচাপে নিয়োজিত হৈ আছে।

এই প্ৰকল্পৰ মূল লক্ষ্য হৈছে  প্ৰচুৰ পৰিমাণে উপলব্ধ স্থানীয় কেঁচামালৰ মূল্য সংযোজনৰ জৰিয়তে গ্ৰাম্য মহিলাসকলৰ আয় বৃদ্ধি কৰা। ইয়াৰে অধিকাংশ মহিলাৰ বাবে নিজা ব্যৱসায়ৰে আৰু স্বতন্ত্ৰ উপাৰ্জন গঢ়ি তোলা।

উদ্যোগীকৰণৰ ক্ষেত্ৰত নতুন অভিজ্ঞতা বুটলা  অল্পনা দাসে কয় যে ঢকুৱাৰ পৰা প্লেট বনাই তেওঁলোকে দৈনিক ২০০-২৫০ টকা উপাৰ্জন কৰে আৰু ইয়াৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা উন্নত হৈছে।

বেংকে এতিয়া ঋণ দিবলৈ কুণ্ঠাবোধ নকৰে বুলি তেওঁ কয়।তামোলৰ ঢকুৱাৰে নিৰ্মিত এই সামগ্ৰী সমূহ স্বাস্থ্যসন্মত, মাইক্ৰৱেভত নিৰাপদ আৰু ইয়াৰ উপৰিও ই ষ্টাইৰ’ফ’মৰ পাত্ৰ আৰু প্লাষ্টিকৰ বাচন-বৰ্তনৰ ফলত হোৱা প্ৰদূষণৰ বিষয়টোও সমাধান কৰে।

আন এগৰাকী উদ্যোগী দীপজ্যোতি ৰাভাই কয়, ‘এই প্লেট প্ৰস্তুত কৰাটো ইমান সহজ কাম নহয়। ই সময়সাপেক্ষে কৰা হয়। কেঁচামাল সংগ্ৰহৰ পৰা পেকিং কৰালৈকে ইয়াৰ বাবে বহুত কষ্ট আৰু সময়ৰ প্ৰয়োজন হয়। আমি কেঁচা ঢকুৱাবোৰ শুকুৱাবলৈ ৰ’দত থৈ দিওঁ, কিন্তু হঠাতে বৰষুণ দিলে আমি আকৌ প্ৰতিটো ঢকুৱা গোটাবলগীয়া হয়, নহ’লে পচি যাব ।’

আন এগৰাকী উদ্যোগী প্ৰতিমা ৰাভাই কয়, ‘তামোলৰ ঢকোৱাৰ মৌলিক কেঁচামালৰ কোনো আৰ্থিক মূল্য নাই, কিন্তু আমি স্থানীয় জনগোষ্ঠীৰ বাবে প্ৰতিটো ঢকুৱা এটকাকৈ ক্ৰয় কৰোঁ।তামোল প্লেটছ মাৰ্কেটিং প্ৰাইভেট লিমিটেড (টিপিএমপিএল) নামৰ এটা কোম্পানীৰ সৈতে সামগ্ৰীসমূহৰ বজাৰ সংযোগ স্থাপন কৰা হৈছে।

মহিলা উদ্যোগীসকলৰ ঘৰৰ পৰা মাহত এবাৰ সামগ্ৰীসমূহ তুলি লোৱা হয়, আনহাতে ক্ৰয় কৰাৰ ২০ দিনৰ ভিতৰত ধন পৰিশোধ কৰা হয়।

আমি মূলতঃ উপাৰ্জনৰ বাবে গাহৰি পালনত নিয়োজিত, কিন্তু এটা পশু পালন কৰিবলৈ প্ৰায় ৮-১০ মাহ সময় লাগে। তামোলৰ ঢকুৱাৰ ব্যৱসায়ে আমাক মাহেকীয়া উপাৰ্জনত সহায় কৰে বুলি উল্লেখ কৰে বৈজয়ন্তী ৰাভাই।

প্ৰকল্পটোৰ প্ৰথম দুটা পৰ্যায়ৰ বাবে ধন আগবঢ়োৱা ইণ্টাৰ গ্ল’ব ফাউণ্ডেশ্যনৰ মুৰব্বী মণিকা বেনাৰ্জীয়ে কয় যে মহিলাসকলৰ শক্তি আৰু নেতৃত্বৰ ক্ষমতাক লালন-পালন কৰা, আৰু তেওঁলোকৰ মাজত প্ৰাকৃতিক সম্পদভিত্তিক ক্ষুদ্ৰ উদ্যোগসমূহক প্ৰসাৰিত কৰাটো প্ৰত্যেকজন অংশীদাৰৰ বাবে এক সন্তোষজনক অভিজ্ঞতা।

ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে আশা প্ৰকাশ কৰে যে এই মহিলাসকলে গ্ৰামাঞ্চলৰ আৰু বহুতকে উদ্যোমী হ’বলৈ প্ৰেৰণা দিব।এই ক্ষেত্ৰত সকলো ধৰণৰ সহায় আগবঢ়াবলৈ ব্লক উন্নয়ন বিষয়াসকলক নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply