গুৱাহাটী : নাৰী দিৱসৰ দিনাই গৃহকর্মী সকল বহিল প্ৰতিবাদত। গৃহকর্মী সকলৰ সামাজিক সুৰক্ষা আইন প্ৰণয়ন কৰাৰ দাবীত গৃহকর্মী সকলৰ প্ৰতিবাদ। গুৱাহাটী ক্লাবত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি গৃহকর্মী সকলৰ প্ৰতিবাদ।

আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। সমগ্ৰ বিশ্বতে আজিৰ দিনটো নাৰী সকলৰ সুৰক্ষা প্ৰদানৰ লগতে নাৰী সকলক সন্মান জনাই আজিৰ দিনটোত পালন কৰা হয় নাৰী দিৱস। অসমতো আজি বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে নাৰী দিৱস পালন কৰা হৈছে।

এফালে নাৰী দিৱস পালনকলৈ উলহ মালহ পৰিৱেশ আৰু আনফালে সমাজৰ এক শ্ৰেণীৰ নাৰী বহিছে প্ৰতিবাদত। মহানগৰীৰ গুৱাহাটী ক্লাবত গৃহকৰ্মৰ লগত জড়িত নাৰী সকল বহিছে প্ৰতিবাদত। গৃহকর্মী সকলৰ সামাজিক সুৰক্ষা আইন প্ৰণয়ন কৰাৰ দাবীত গৃহকর্মী সকল অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।

শতাধিক মহিলা গৃহকর্মী সকলে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে গুৱাহাটী ক্লাবৰ পৰিৱেশ উত্তাল কৰি তোলে। গৃহকর্মী সকলৰ মজুৰি প্ৰতিঘণ্টাত ৭৫ টকালৈ বৃদ্ধি, ৬০ বছৰৰ ওপৰৰ গৃহকর্মী সকলক পেঞ্চন প্ৰদান, গৃহকর্মী সকলৰ সন্তানক শিক্ষাবৃত্তি প্ৰদান, গৃহকর্মী সকলক চিকিৎসা সাহায্য প্ৰদানৰ লগতে কেইবাটাও দাবীত গৃহকর্মী সকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply