কোহিমা : কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু ৬টা কাৰ্বি বিদ্ৰোহী গোটৰ মাজত স্বাক্ষৰিত হ’ব লগীয়া প্ৰস্তাৱিত কাৰ্বি চুক্তিকলৈ নাগা বিদ্ৰোহী গোট এন এছ চি এন-আই এম (NSCN-IM) আপত্তি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে অলপতে অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সপ্তাহৰ ভিতৰতে কাৰ্বি চুক্তি স্বাক্ষৰ হোৱা সম্ভাৱনা আছে বুলি সদৰী কৰিছিল।

এন এছ চি এন- আই এমে মঙলবাৰে এক বিবৃতিযোগে কয় যে ‘ৰেংমা নাগাসকলক বলিৰ পঠা সজাব পৰা’ কোনোধৰণৰ চুক্তিকে সংগঠনটোৱে মানি নলয়।

লগতে পঢ়ক : নগাঁৱৰ হাতীৰ মৃত্যুৰ ঘটনাৰ পুনৰ তদন্তৰ দাবী প্ৰকৃতি সংগঠন নেচাৰ্চ বেকনৰ

‘এন এছ চি এনে এইটো স্পষ্ট কৰি দিব খোজে যে ৰেংমা নাগাসকলক বলিৰ পঠা সজোৱা কোনোধৰণৰ চুক্তিকে নাগা জনসাধাৰণ আৰু বিশেষকৈ এন এছ চি এনে মানি নলয়,’ বিবৃতিটোত কোৱা হয়।

ৰেংমা নাগাসকল কাৰ্বি আংলঙৰ ভূমিপুত্ৰ বুলি উল্লেখ কৰি সংগঠনটোৱে কয় যে ৰেংমা নাগাসকলৰ ঐতিহাসিক মৰ্য্যাদাক কোনেও প্ৰশ্ন তুলিব নোৱাৰে।

ৰেংমাসকল কাৰ্বি আংলঙত বৰ্তমান বাস কৰি থকা আন বহুতৰ দৰে প্ৰবজনকাৰী নহয় বুলি উল্লেখ কৰি তেওঁলোকক প্ৰান্তীয় কৰিব খোজা কোনো ধৰণৰ কাৰ্য্য হ’বলৈ দিয়া নহ’ব বুলিও এন এছ চি এনে কয়।

এন এছ চি এন-আই এমৰ মতে প্ৰস্তাৱিত শা্ন্তি চুক্তিখনৰ জৰিয়তে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ৬টা কাৰ্বি বিদ্ৰোহী গোটক ‘ভালৰি লগাব’ খোজাৰ বাহিৰে আন একো নহয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply