চোৰাং কাঠৰ অবাধ সৰবৰাহ চলিছে অসমৰ মাজেৰে। শেহতীয়াকৈ মণিপুৰ নাগালেণ্ডহৈ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰে চলি আছে এই অসাধু ব্যৱসায়। চালান নোহোৱাকৈয়েই পাৰ হৈ আছে এই চোৰাং কাঠ সৰবৰাহ কৰা ট্ৰাকসমূহ।

কাৰ্বি আংলং জিলাৰ চিলনীজানত বন বিভাগৰ তালাচীত উদ্ধাৰ হয় বৃহৎ কাঠৰ কুণ্ডা ভৰ্তি তিনিখনকৈ ট্ৰাক। গুৱাহাটী অভিমুখি ট্ৰাককেইখনত আছিল ৮৬ কেবি কাঠ। যাৰ বজাৰ মূল্য প্ৰায় ১৩ লাখ টকা জানিবলৈ দিয়ে সহকাৰী বন সংৰক্ষক গৰাকীয়ে।

চালান অথবা নথি পত্ৰৰ অবিহনে পাৰ হৈ আহিছে এই সমূহ বাৰ্মাৰ কাঠ। জব্দ কৰা ট্ৰাক সমূহৰ সম্পৰ্কে বিশেষ তথ্য দিবলৈ আগ্ৰহী নহয় বন বিভাগ। তদন্ত চলাই থকাৰ কথা কৈ অধিক তথ্য দিয়াৰ পৰা বিৰত থকা বিভাগটোৱে ৰৌ বৰালী জালত পৰিব বুলিয়েই মৌনতা অবলম্বন কৰা বুলি স্থানীয় ৰাইজে মন্তব্য কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply