কাৰ্বি আংলং জিলাত চোৰাং কাঠৰ ব্যবসায়ী

ডিফু: কাৰ্বি আংলং জিলাৰ মূল্যবান কাঠৰ চোৰাং সৰবৰাহেৰে চুবুৰীয়া জিলাত কাঠৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে বকলীয়াঘাটত বন বিভাগে অভিযান চলাই লক্ষাধিক টকাৰ মূল্যবান চোৰাং কাঠ জব্দ কৰাৰ লগতে চোৰাং কাঠৰ সৰবৰাহ কৰা দুখন বাহন জব্দ কৰা হৈছে।

ঘটনাৰ বিৱৰণ অনুসৰি, এক বিশেষ সূত্ৰৰ ভিত্তিত বন বিভাগৰ নৰ্দাৰ্ণ ৰেঞ্জৰ সহকাৰী বন সংৰক্ষক হৰিনাথ ৰংহাঙৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে বকলীয়াঘাটৰ শিলপোতাত অভিযান চলাই কাঠভৰ্তি এএছ-০২-ই-২৮৮৭ আৰু এএছ-০২-ই-৫৬৬৭ নম্বৰৰ বাহন দুখন জব্দ কৰিবলৈ সক্ষম হয়।

দুয়োখন বাহনত হালদু, বগীপমা, লালি আদি মূল্যবান কাঠৰ বাতাম থকা বুলি বন বিভাগে জানিবলৈ দিছে । জব্দ হোৱা কাঠখিনিৰ চৰকাৰী মূল্য প্ৰায় লক্ষাধিক টকা। জব্দ হোৱা কাঠখিনি মাৰাত লংৰি সংৰক্ষিত বনাঞ্চলৰ পৰা অনা বুলি সন্দেহ কৰা হৈছে যদিও এই সন্দৰ্ভত তদন্ত অব্যাহত আছে ।

আনহাতে, জব্দ হোৱা বাহন দুখনৰ চালক ক্ৰমে যাদৱ দাস আৰু অজয় তিমুঙক বনকৰ্মীৰ দলটোৱে আটক কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক নীলবাগানৰ সুলভ মূল্যৰ দোকানৰ চাউল কলা বজাৰত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply