কমাৰগাঁও: গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ধোদাং গাঁৱৰ পৰা যোৱা নিশা কমাৰগাঁও আৰক্ষীয়ে এখন চোৰাং কাঠ ভৰ্তি মালবাহী ব’লেৰ বাহন জব্দ কৰিবলৈ সক্ষম হয় ।

আৰক্ষী সূত্ৰই সদৰি কৰা অনুসৰি ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতে স্থানীয় একাংশ ৰাইজে গাঁওখনৰ মাজেৰে তীব্ৰ বেগত  এখন মালবাহী  ব’লেৰ পিক আপ বাহন পাৰ হৈ যোৱাত তীব্ৰ বেগী বাহনখনৰ ওপৰত সন্দেহ হোৱাত গাঁওখনৰ একাংশ লোকে নিশাই গাঁওখনৰ আনটো মূৰত গাড়ীখন ৰখাই চালক গৰাকীক সোধপোচ কৰি থকা অৱস্থাতে কৌশলেৰে আন্ধাৰৰ সুযোগ লৈ গাড়ীখনৰ চালক গৰাকী পলায়ন কৰে।

ইফালে স্থানীয় ৰাইজে কাঠভৰ্তি ব’লেৰ খনৰ ওপৰত সন্দেহ হোৱাত আৰক্ষীক খবৰ দিয়ে । তাৎক্ষণিকভাৱে কমাৰগাঁও আৰক্ষীৰ এটি দল উক্ত স্থানত উপস্থিত হৈ কাঠভৰ্তি এ এছ ০৫ চি ৮২০৫ নম্বৰৰ ব’লেৰ  বাহনখন জব্দ কৰি আৰক্ষী থানালৈ লৈ আনে।

উল্লেখ যে কমাৰগাঁও আৰক্ষীয়ে নুমলীগড় বন বিভাগৰ সৈতে যোগাযোগ কৰি চোৰাং কাঠ কঢ়িয়াই অনা ব’লেৰ গাড়ীখনত থকা প্ৰায় ১৫ ফুটীয়া ৪৩ ডাল মূল্যবান কাঠৰ ফানটা  বনবিভাগৰ হাতত চমজাই দিয়ে । উক্ত কাঠখিনি বজাৰমূল্য প্ৰায় দুই লক্ষ্যধিক টকাৰ  হব বুলি আৰক্ষীৰ সূত্ৰই সদৰি কৰিছে।

উদ্ধাৰ হোৱা কাঠখিনি


ইফালে নুমলীগড়ৰ বন বিভাগৰ কাৰ্যালয়ে কাঠভৰ্তি  ব’লেৰ পিক আপ মালবাহী বাহন খন কমাৰগাঁও আৰক্ষীৰ পৰা নিজৰ জিম্মাত লৈ  তদন্ত আৰম্ভ কৰিছে যদিও চোৰাং কাঠৰ গৰাকীৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই।

লগতে পঢ়ক- শ্বিলঙৰ পৰা ড্ৰাগছ লৈ অহা যুবকক ধৰিলে যোৰাবাট আৰক্ষীয়ে

আনহাতে কমাৰগাঁৱত  ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে সুৰাসক্ত চালক সকলক নাকি লগোৱা উদ্দেশ্য আৰক্ষীৰ তালাচী  অভিযান অব্যাহত থকাৰ সময়তে আৰক্ষী তালাচীৰ পৰা  বাচিবলৈ ধোদাং গাঁৱৰ যাতায়তৰ একমাত্ৰ পথটো ব্যৱহাৰ কৰিছিল । উক্ত মূল্যবান কাঠখিনি কাৰ্বি আংলঙৰ পৰা চোৰাংভাবে মহুৰামুখ অঞ্চলত বিক্ৰী কৰিবলৈ আনিছিল বুলি সন্দেহ কৰিছে তদন্তকাৰী বিষয়াই। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply