নিউজ ডেস্কঃ প্ৰায় ৫ মাহৰ পাছত যোৰহাট আৰু মাজুলী সংযোগী দলঙৰ কাম পুনৰ আৰম্ভ হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত এই দলংখনৰ নিৰ্মাণ কাৰ্যৰ দায়িত্বত আছে উত্তৰ প্ৰদেশ ষ্টেট ব্ৰীজ কৰ্পোৰেচন লিমিটেড।
দলংখনৰ কাম-কাজ পুনৰ আৰম্ভ হোৱাৰ ফলত মাজুলীৰ জনসাধাৰণৰ মাজত নতুন আশাৰ সৃষ্টি হৈছে।
উল্লেখ কৰিবলগীয়া যে যোৰহাট আৰু মাজুলীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলঙৰ অভাৱৰ ফলত মাজুলীবাসীয়ে যথেষ্ট অসুবিধাৰ সমূখীন হৈ আহিছে।
তাৰোপৰি মাজে সময়ে নদীৰ ওপৰত নাও দুৰ্ঘটনাৰ ফলত বহুজনে ইতিমধ্যে হেৰুৱাইছে প্ৰাণ। উল্লেখ্য যে, এই দলংখনৰ দৈৰ্ঘ্য প্ৰায় ৪ কিলোমিটাৰ। ২০২১ চনৰ নৱেম্বৰতে স্থাপন কৰা হৈছিল দলংখনৰ আধাৰশিলা।
মাজুলী-যোৰহাট সংযোগী দলংখনৰ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে ৯২৫.৪৭ কোটি টকা মঞ্জুৰ কৰিছে।
ইফালে, বিধায়ক ভূবন গামে সাংবাদিকৰ আগত কয় যে- দলংখনৰ কাম পুনৰ আৰম্ভ হোৱাটো মাজুলীবাসীৰ বাবে বৰ ভাল খবৰ।