গুৱাহাটী : মহিলা আৰু কন্যা শিশুৰ বিৰুদ্ধে হিংসাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে আৰম্ভ কৰা অভিযানৰ অংশৰূপে আন আন ৰাজ্যৰ লগতে অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগে কামৰূপ মহানগৰ সমাজ কল্যান বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত এক সজাগতা সমদল উলিওৱাৰ লগতে এক কৰ্মশালা অনুষ্ঠিত কৰে। বেলতলাস্থিত সমাজ কল্যাণ বিভাগৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা সমদলৰ ফ্লেগ অফ্ কৰে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত সুস্বপ্না কাকতি আৰু জিলা সমাজ কল্যাণ বিষয়া দেৱজিৎ বৰাই।
এই কাৰ্যসূচীত শিশু উন্নয়ন প্ৰকল্পসমূহৰ প্ৰকল্প বিষয়াৰ লগতে মুখ্য-সেৱিকা, অংগবাড়ী কৰ্মী, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়-ববীয়া, বিভিন্ন বেচৰকাৰী সংস্থাৰ সদস্য আৰু জিলা সমাজ কল্যাণ বিভাগৰ অধীনৰ পোষণ অভিযান, প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনা, মহিলা শক্তি কেন্দ্ৰ আদিৰ বিষয়-ববীয়াসকলে অংশগ্ৰহণ কৰে। সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত নাৰী সৱলীকৰণ ওপৰত গুৰুত্ব প্ৰদান কৰি নাৰীৰ প্ৰতি থকা অসমতাৰ মনোভাৱ, হিংসা, অত্যাচাৰ আদি দূৰ কৰাৰ বাবে বিভিন্ন শ্লোগান উক্ত সমদলত সংযোজন কৰা হয়।
সমদলৰ পিছতেই নাৰী নিৰ্যাতনৰ ওৰ পেলোৱাৰ উদ্দেশ্যে তথা বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংস্থাৰ সন্মিলিত প্ৰচেষ্টাক আহ্বান জনোৱাৰ লক্ষ্যৰে এখন কৰ্মশালা অনুষ্ঠিত কৰা হয়। কৰ্মশালাখনত বিশিষ্ট অতিথিৰূপে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত, সুস্বপ্না কাকতিৰ লগতে জিলা আইনী সেৱা প্ৰাধিকৰণৰ সম্পাদক, চি.এ. চৌধুৰীদেৱ উপস্থিত থাকি বাল্য-বিবাহ, কৰ্মক্ষেত্ৰত মহিলাৰ উপৰত হোৱা নিৰ্যাতন, ধৰ্ষণ, যৌন-নিৰ্যাতন, লিংগ-ভিত্তিক বৈষম্যতা ইত্যাদি সমস্যাৰ সৈতে জড়িত বিভিন্ন দিশসমূহৰ ওপৰত পৰ্যালোচনা কৰে।
লগতে পঢ়ক : জুৰীয়াত ড্ৰাগছসহ দুই ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ
মহিলা আৰক্ষী থানাৰ সহকাৰী আৰক্ষী আয়ুক্ত ভনীতা নাথ আৰু ‘হিউেমেন্ ৰাইট্ছ ল’ নেট্ৱৰ্ক’ৰ অধিবক্তা নন্দিতা ডেকা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰৱন্ধক, জিলা শিশু সুৰক্ষা গোটৰ বিষয়ববীয়া আদি এই কৰ্মশালাত উপস্থিত থাকে।