গুৱাহাটী : ইণ্ডিয়ান এছ’চিয়েচন অৱ গাইন’ক’লজিকেল এণ্ডোস্ক’পীৰ উত্তৰপূর্বাঞ্চল শাখাৰ উদ্যোগত আৰু গুৱাহাটীৰ খানাপাৰাস্থিত হেলথ চিটী হাস্পতালৰ সহযােগত এণ্ডোস্ক’পী চিকিৎসা এখন লাইভ ৱৰ্কশ্বপ অনুষ্ঠিত হয়। লাইভ ৱৰ্কশ্যপৰ সৈতে সংগতি ৰাখি হেলথ চিটী হাস্পতালত ৬ গৰাকী ৰােগীৰ এণ্ডোস্ক’পী চিকিৎসা সফলতাৰে সম্পন্ন কৰা হয়।

প্রতিগৰাকী ৰােগীৰ এণ্ডোস্ক’পী চিকিৎসাৰ দৃশ্য অনলাইন যােগে পােনপটীয়াকৈ সম্প্রচাৰ কৰা হয়। ইয়াৰে দুগৰাকী বিশেষ ৰােগীৰ চিকিৎসাৰ দৃশ্য অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উপৰি কলকাতা, ভুৱনেশ্বৰ আৰু পাটনাতাে ৰিলে কৰা হয়। উল্লেখ্য যে উত্তৰ-পূর্বাঞ্চলত গাইন’ক’লজিকেল এণ্ডোস্ক’পী চিকিৎসা পদ্ধতি জনপ্রিয় কৰাৰ উদ্দেশ্যে বিভাগীয় চিকিৎসক-চিকিৎসা কর্মীৰ বাবে এই লাইভ ৱৰ্কশ্যপৰ আয়ােজন কৰা হয় বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে হেলথ চিটী হাস্পতালৰ প্ৰসূতি আৰু স্ত্রী ৰােগ বিশেষজ্ঞ ডাঃ কল্পনা চৌধুৰীয়ে।

লগতে পঢ়ক : প্ৰতিগৰাকী প্ৰাৰ্থীয়ে নিজৰ জয়ক লৈ নিশ্চিত

প্রথাগত পদ্ধতিৰ সৈতে এণ্ডোস্ক’পী চিকিৎসাৰ পাৰ্থক্যৰ বৰ্ণনা কৰি ডাঃ কল্পনা চৌধুৰীয়ে কয় “এই পদ্ধতিৰ উল্লেখযােগ্য বৈশিষ্ট সমূহ হৈছে বিষৰ প্রাবল্য তেনেই কম, হাস্পতালত কম সময় থাকিব লাগে, ৰক্তক্ষৰণ কমকৈ হয়, সংক্রমণৰ সম্ভাৱনাৰ হাৰ কম আৰু ৰােগীয়ে সােনকালে নিৰাময় লাভ কৰে। হেলথ চিটী হাস্পতালত অনুষ্ঠিত লাইভ ৱৰ্কশ্বপত অংশগ্রহণ কৰে এণ্ডোস্ক’পী চিকিৎসা সংগঠনটোৰ উত্তৰ-পূর্বাঞ্চল শাখাৰ সভাপতি ডাঃ অৰুণ মাধৱ বৰুৱা, সম্পাদক ডাঃ যশােধন ডেকা, হেলথ চিটা হাস্পতালৰ চি এম ডি ডাঃ ভৱানন্দ দাস, ডাঃ অলকা গােস্বামী, ডাঃ জি চি দাস, হেলথ চিটীৰ চিকিৎসা সঞ্চালক ডাঃ ভৱানী প্রসাদ চক্ৰৱৰ্তীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply