গুৱাহাটী – বিগত কেইবাবছৰ ধৰি ধঁপাত নিয়ন্ত্ৰণৰ ক্ষেত্রত কাম কৰি অহা কনজুমাৰ ভয়চ, দিল্লী আৰু কনজুমাৰ্চ লিগেল প্ৰটেকশ্যন ফ’ৰাম, অসমে বুধবাৰে গুৱাহাটীৰ দিছপুৰস্থিত হোটেল ৰিভিয়েৰাত ‘বিগ টবেক’ : টাইনী টাৰ্গেটছ ষ্টাডী’ শীৰ্ষক এখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰে। কৰ্মশালাখনৰ উদ্দেশ্য আছিল যুৱপ্ৰজন্মক ধঁপাতৰ ভয়াৱহতাৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি। গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে কৰ্মশালাখন উদ্বোধন কৰে। উদ্বোধনী ভাষণত ডাঃ অমল চন্দ্ৰ কটকীয়ে কয় যে পৌৰ নিগম কৰ্তৃপক্ষ সমূহে ২০১৭ চনৰ ২১ ছেপ্টেম্বৰৰ গৃহ আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ পৰামৰ্শ আৰু ২০১৮ চনৰ ২৮ ছেপ্টেম্বৰৰ মিনিষ্ট্ৰী অৱ হাউছিং এণ্ড আৰবান প’ভাৰ্টী এলিভিয়েশ্যনৰ পৰামৰ্শ ৰূপায়ন কৰিব লাগে, যাতে ধঁপাত বিক্রেতাসকলক অনুজ্ঞাপত্ৰ দিয়াৰ ক্ষেত্ৰত সুব্যৱস্থা তথা নিয়ন্ত্ৰণ কৰিব পাৰি।

ধঁপাত বিক্রেতাৰ বাবে অনুজ্ঞাপত্ৰ প্ৰৱৰ্তন ব্যৱস্থাই যুৱপ্ৰজন্মক ধঁপাতৰ প্ৰতি আসক্তি কমোৱাত সহায় কৰিব, কাৰণ ‘কটপা’ উলংঘন হ’লে বিক্রেতাৰ অনুজ্ঞাপত্ৰ বাতিল বা নিলম্বিত কৰাৰ ক্ষেত্ৰত সুযোগ থাকে। পৌৰ নিগম কৰ্তৃপক্ষই সেইবিলাক দোকানক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব লাগে, যিবিলাক দোকানে বিশেষকৈ ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰে, যাতে শিশুসকলে সাধাৰণ দোকানৰ পৰা সেই সামগ্ৰীবিলাকৰ সংস্পৰ্শ লাভ নকৰে। শিক্ষা প্ৰতিষ্ঠানৰ পৰা দূৰত থকা দোকানসমূহক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব লাগে। অনুষ্ঠানত কনজুমাৰ্চ লিগেল প্ৰটেকশ্যন ফ’ৰাম, অসমৰ সচিব তথা অধিবক্তা অজয় হাজৰিকাই শেহতীয়াকৈ অসমৰ তিনিখন চহৰগুৱাহাটী, যোৰহাট আৰু ডিব্ৰুগড়ত ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰা দোকানসমূহৰ ওপৰত কৰা ‘বিগ টবেক’ : টাইনী টাৰ্গেটছ’ শীৰ্ষক সমীক্ষাৰ মূল বিষয়কেইটা আলোকপাত কৰে।

তেওঁ কয় যে অসমত শিক্ষা প্ৰতিষ্ঠানৰ ১০০ গজ দূৰত্বৰ ভিতৰত ৯৭ খন দোকানত ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰা বুলি সমীক্ষাত স্পষ্ট হৈছে। সমীক্ষাটোৰ মতে অসমত ৩৬.০৮ শতাংশ ফিলিপ মৰিছ ইণ্টাৰনেচনেল, ৪.১২ শতাংশ ব্ৰিটিছ আমেৰিকান ধঁপাতজাতীয় সামগ্ৰী আৰু ৯৩.৮১ শতাংশ ইম্পেৰিয়েল টবেক’ কোম্পানী অৱ ইণ্ডিয়া লিমিটেডৰ ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী হয়, যিটো আটাইতকৈ জনপ্ৰিয় ভাৰতীয় কোম্পানী। ৯৫.৮৮ শতাংশ দোকানত ধঁপাতজাতীয় সামগ্ৰী শিশুৱে দেখা পোৱাকৈ ৰখা হয়। ৭২.১৬ শতাংশ দোকানত চিগাৰেটৰ স্বাস্থ্য সম্বন্ধীয় সতৰ্কীকৰণ জাননী নেদেখাকৈ ৰখা হয়। শিশুসকল আকৰ্ষিত হোৱাকৈ ৯০.৭২ শতাংশ দোকানত চিগাৰেট চকলেট বা মিঠাইজাতীয় সামগ্ৰীৰ ওচৰত ৰখা হয়। ৮৫.৫৭ শতাংশ দোকানত এটাকৈ চিগাৰেট বিক্ৰী হয়।

কৰ্মশালাত অসমৰ ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষৰ ৰাজ্যিক নডেল বিষয়া ডাঃ অৰুন্ধতী ডেকা, অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ প্ৰগ্ৰেম মেনেজাৰ ডাঃ সুব্ৰত চন্দ, ইউ এছ টি এমৰ ছ’চিয়েল ৱৰ্ক বিভাগৰ মুৰব্বী অধ্যাপক ডঃ গিৰিমল্লিকা শৰ্মা আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱসায়ীক প্ৰতিনিধি গণেশ পণ্ডিতে ‘কটপা’ অধিক শক্তিশালী আৰু কাৰ্যকৰীকৰণ তথা ধঁপাত বিক্রেতাৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰৰ নিয়ম আৰম্ভ কৰি কেনেকৈ যুৱপ্ৰজন্মক ধঁপাতজাতীয় সামগ্ৰীৰ পৰা দূৰত ৰাখিব পাৰি, সেই বিষয়ে মূল্যবান পৰামৰ্শ আগবঢ়ায়। কৰ্মশালাত বিভিন্ন ব্যৱসায়িক সংগঠনৰ প্ৰতিনিধি, স্বাস্থ্য বিশেষজ্ঞ আৰু চিকিৎসক, স্বাস্থ্য বিষয়া আৰু ধঁপাত নিয়ন্ত্ৰণ কোষ, অভিভাৱক, শিক্ষক সংস্থা, শিক্ষা প্ৰতিষ্ঠান আৰু পৌৰ নিগমৰ বিষয়া, সামাজিক অনুষ্ঠান, সংবাদকৰ্মী, ধঁপাত নিয়ন্ত্ৰণ আৰু গ্ৰাহক সুৰক্ষা কৰ্মী তথা যুৱপ্ৰজন্মৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply