গোলাঘাট : গোলাঘাটত এইডছ দিৱস উপলক্ষে সজাগতা শোভাযাত্ৰা। বিশ্ব এইডছ দিৱস উপলক্ষে গোলাঘাট জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত সজাগতা শোভাযাত্ৰা।
গোলাঘাট নগৰৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা পৌৰ সভাৰ কাৰ্যালয়লৈকে সজাগতা শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকর্মী, এন চি চি কেডেট, এন এছ এছ আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।
লগতে পঢ়ক : সৰুসজাইত ভয়ংকৰ পথ দুর্ঘটনাত নিহত এগৰাকী মহিলা
উল্লেখ্য যে প্ৰতিবছৰে ১ ডিচেম্বৰ তাৰিখে বিশ্ব এইডছ দিৱস পালন কৰা হয়। ১৯৮৮ চনৰ পৰা পালন কৰা বিশ্ব এইডছ দিৱসৰ মূল উদ্দেশ্য হৈছে বিশ্ববাসীৰ মাজত এইডছ সম্পৰ্কে সজাগতা সৃষ্টি কৰা।