স্মৃতি ৰেখা লাহন, টীয়ক : চাইকেল । পৰিবহনৰ আটাইতকৈ সস্তা মাধ্যমবোৰৰ ভিতৰত এটা, পৰিৱেশ অনুকূল আৰু স্বাস্থ্যৰ বাবে সৰ্বশ্ৰেষ্ঠ, । এই চাইকেল চলোৱা অভ্যাস আজি আমাৰ দৰে তৃতীয় বিশ্বৰ দেশ বোৰত কমিছে যদিও বিশ্বৰ চহকী দেশবোৰত আগতকৈও বৃদ্ধি পাইছে। ই মানৱ জাতিৰ আটাইতকৈ প্ৰাচীন আৰু আশ্চৰ্যজনক আৱিষ্কাৰবোৰৰ ভিতৰত এটা আছিল।
এই বিশেষ বাহনখনৰ দিনটো উদযাপন কৰিবলৈ, প্ৰতি বছৰে, ৩ জুনত বিশ্ব চাইকেল দিৱস হিচাপে পালন কৰা হয়।
২০১৮ চনত, ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ৩ জুনক বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰিছিল। এই বছৰ, বিশ্বই চতুৰ্থ বিশ্ব চাইকেল দিৱস উদযাপন কৰিছে। কিন্তু কোভিড-১৯ৰ সামাজিক দূৰত্বৰ নিয়মৰ বাবে, মানুহে তেওঁলোকৰ দেশত চাইকেল চলোৱা অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব।
পৰিবহনৰ ক্ষেত্ৰত এক সৰল, সুলভ, নিৰ্ভৰযোগ্য ব্যবস্থা হৈছে চাইকেল , ইয়াৰ দ্বাৰা সুস্থ আৰু স্বাস্থ্যৱান হৈ থকাৰ সৰ্বশ্ৰেষ্ঠ উপায় হিচাবে বিবেচিত হৈছে। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত চাইকেলৰ দীৰ্ঘ জীৱনকাল আৰু বহু কামত ব্যৱহৃত হোৱাৰ প্ৰশংসা কৰা হৈছিল। লগতে প্ৰায় দুই শতক কাল সাধাৰণ, কম খৰচী, বিশ্বাসযোগ্য, নিকা আৰু পৰিৱেশৰ বাবে উপযুক্ত যান-বাহনৰ মাধ্যম হিচাপে চাইকেলৰ উল্লেখ কৰা হৈছিল। চাইকেল ব্যৱহাৰৰ সুফলৰ বিষয়ে সজাগতা সৃষ্টি কৰিব বাবে মূলতঃ এই দিৱস উদযাপন কৰা হয়।

টীয়কত বিশ্ব চাইকেল দিৱস উদযাপন কৰা হয় ।
টীয়কৰ স্পীনাৰ ক্লাৱেও টীয়কৰ পৰা লাহদৈগড়লৈ ১৪ কিমি পথ চাইকেল চলাই এই দিৱস পালন কৰে।উল্লেখযোগ্য যে দলটোৱে কাৰ্যসূচীৰ শেষত টীয়ক আৰক্ষী থানাত এটি গছ পুলি ৰোপণ কৰি ক’ভিড পৰিস্থিতি প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ মাজত মাক্স বিতৰণ কৰাৰ কাৰ্যসূচী হাতত লয়।

লগতে পঢ়ক পুনৰ স্বাস্থ্যকৰ্মীক আক্ৰমন!এইবাৰৰ ঘটনা কাছাৰৰ কালাইন সিন্দুৰা চাহ বাগিছাত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply