প্ৰবীণ বৰুৱা, মঙলদৈঃ বিশ্ব কৰ্কট ৰোগ দিৱস উপলক্ষে দৰং কেন্সাৰ কেন্দ্ৰত শনিবাৰে বিশ্ব কৰ্কট ৰোগ দিৱস পালন কৰা হয়। বিশ্ব কৰ্কট ৰোগ দিৱস উপলক্ষে দৰং কেন্সাৰ কেন্দ্ৰৰ পৰা এক কেন্সাৰ ৰোগৰ সজাগতামূলক ৰেলী বাহিৰ কৰা হয়।

এই ৰেলী ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ মঙলদৈ অসামৰিক চিকিৎসালয়ৰে আহি দৰং কেন্সাৰ কেন্দ্ৰত সামৰণি মাৰে। দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডাঃ চহিদুল ইচলামে এই সজাগতা ৰেলী শুভাৰম্ভণি কৰে । 

বিশ্ব কৰ্কট ৰোগ দিৱস উপলক্ষে উলিওৱা ৰেলীত দৰং কেন্সাৰ কেন্দ্ৰৰ চিকিৎসক, নাৰ্ছ, কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। লগতে মঙলদৈ কেন্সাৰ কেন্দ্ৰত অহা ৰোগী সকলক কৰ্কট ৰোগ সম্বন্ধীয় সজাগতামূলক গোঁহাৰি পত্ৰ আৰু ৰেলীত বিভিন্ন ব্যক্তিৰ মাজত গোঁহাৰী পত্ৰ বিতৰণ কৰে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply