গুৱাহাটীঃ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত শেহতীয়াকৈ স্বৰ্ণ পদক জয় কৰা লাভলিনা বৰগোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰে।
অসমত মানদণ্ডৰ ক্ৰীয়া আন্ত:গাঁথনি গঢ়ি তুলি, ৰাজ্য চৰকাৰে অভিনৱ ফিউচাৰিষ্টিকছ কোম্পানীৰ সৈতে, আৰু নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ সৈতে ক্ৰমে গুৱাহাটী আৰু যোৰহাটত ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে বুজাবুজিচুক্তি স্বাক্ষৰ কৰে।
আনহাতে, হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয় যে “লাভলিনাই অসম আৰু ভাৰতীয় ক্ৰীড়াক এক নতুন শীৰ্ষলৈ লৈ গৈছে। বক্সিং বিশ্ব চেম্পিয়নশ্বিপত আৰ্চয্যকৰ প্ৰদৰ্শনৰ বাবে তাইক সম্বৰ্ধনা জনোৱাৰ বাবে মই বহুত সৌভাগ্যবান। আমাৰ বহুতক উৎসাহিত কৰাৰ বাবে আৰু অনাগত বছৰবোৰত আৰু বহুতো পদক কামনা কৰি লাভলিনাক ধন্যবাদ জনাই।

আকৌ মুখ্যমন্ত্ৰীয়ে সকলোকে ক্ৰীড়া ক্ষেত্ৰত গুণগত উন্নতি আনিব আৰু সকলো খেলুৱৈক কেন্দ্ৰসমূহৰ সকলো সুবিধা ল’বলৈ আহ্বান জনায়।
আনহাতে, অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী অভিনৱ বিন্দ্ৰাই ৰাজ্য চৰকাৰৰ পদক্ষেপক প্ৰশংসা কৰি কয় যে তেওঁৰ সংগঠনে যিকোনো আঘাতপ্ৰাপ্ত খেলুৱৈক অস্ত্ৰোপচাৰকে ধৰি বিনামূলীয়া চিকিৎসা সুবিধাও প্ৰদান কৰিব।