নিউজ ডেস্কঃ ভাৰতত অক্টোবৰ মাহৰ পৰা অনুষ্ঠিত হ’বলৈ গৈ আছে পুৰুষৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপ। বি চি চি আই ক্ৰিকেট বিশ্বকাপৰ বাবে ভেন্যু এতিয়ালৈকে ঠিক কৰা নাই যদিও ESPN CRICINFO এক প্ৰতিবেদনে অসমবাসীলৈ কঢ়িয়াই আনিছে সুখবৰ।

মঙলবাৰে ক্ৰিকেট খেলৰ সংবাদ প্ৰতিষ্ঠান ESPN CRICINFO য়ে এক বাতৰি প্ৰতিবেদনত লিখে যে, বিচিচিআইয়ে কমেও ক্ৰিকেট বিশ্বকাপ খেলৰ বাবে এক ডজন ভেন্যু তালিকাভুক্ত কৰিছে, যাৰ ফাইনেলখন আহমেদাবাদৰ বিশ্বৰ সৰ্ববৃহৎ ক্ৰিকেট ষ্টেডিয়ামত হ’ব।

লগতে লিখে যে, আহমেদাবাদৰ বাহিৰে, তালিকাখনত আছে বেংগালুৰু, চেন্নাই, দিল্লী, ধৰ্মশালা, গুৱাহাটী, হায়দৰাবাদ, কলকাতা, লক্ষ্ণৌ, ইন্দোৰ, ৰাজকোট আৰু মুম্বাই।  

এতিয়া এই প্ৰতিবেদনে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীৰ মাজলৈ লৈ আনিছে সুখবৰ।

বিচিচিআইয়ে এতিয়ালৈকে কোনো খেলৰ বাবে স্থান নিৰ্ধাৰণ কৰা নাই। স্থানসমূহ চূড়ান্ত কৰাত পলম হোৱাৰ মূল কাৰণ হৈছে অক্টোবৰ মাহত ভাৰতৰ বিভিন্ন স্থানত বাৰিষা ঋতুৰ দ্বাৰা উদ্ভৱ হোৱা জটিলতা।

সাধাৰণতে আইচিচিয়ে কমেও এবছৰ আগতে বিশ্বকাপৰ সময়সূচী ঘোষণা কৰে, কিন্তু এইবাৰ বিচিচিআইয়ে ভাৰত চৰকাৰৰ পৰা প্ৰয়োজনীয় কিছুমান অনুমোদন পোৱাৰ বাবেও অপেক্ষা কৰি আছে।

এই প্ৰয়োজনীয় অনুমোদনত দুটা গুৰুত্বপূৰ্ণ বিষয় অন্তৰ্ভুক্ত আছে প্ৰথমটো বিশ্বকাপ প্ৰতিযোগিতা বাবে কৰ ৰেহাই প্ৰাপ্ত কৰা আৰু দ্বিতীয়টো পাকিস্তান দলৰ বাবে ভিছা ক্লিয়াৰেন্স। যিহেতু পাকিস্তানে ২০১৩ চনৰ পৰা আইচিচি ইভেণ্টৰ বাহিৰে ভাৰতত খেলিবলৈ অহা নাই।

২০১৪ চনত বিচিচিআইয়ে কৰ ৰেহাই কৰা বিনিময়ত আইচিচিৰ সৈতে চুক্তি বদ্ধ হৈছিল। যাৰ বিনিময়ত আইচিচি য়ে ভাৰতক তিনিটা পুৰুষৰ ইভেণ্ট প্ৰদান কৰিছিল। তাৰ ভিতৰত আছিল ২০১৬ ৰ টি-২০ বিশ্বকাপ, ২০১৮ চেম্পিয়নছ ট্ৰফী (পিছত মহামাৰীৰ বাবে ইউএই আৰু ওমানলৈ স্থানান্তৰিত কৰা হৈছিল) আৰু ২০২৩ চনৰ এদিনীয়া বিশ্বকাপ।  

উল্লেখযোগ্য যে, অক্টোবৰ মাহৰ ৫ তাৰিখৰ পৰা আৰম্ভ হ’বলীয়া এদিনীয়া ক্ৰিকেট বিশ্বকাপ ১৯ নৱেম্বৰত আহমেদাবাদত ফাইনেল অনুষ্ঠিত হ’ব।

লগতে পঢ়ক – যাৱজ্জীৱন কাৰাদণ্ডৰ পৰা মুক্তি বিছাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ ৰঞ্জন দৈমাৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply