গোৰেশ্বৰঃ সমগ্ৰ বিশ্বৰ লগতে বাক্সা জিলাৰ নাওকাটাৰ নিজঝাৰগাঁৱত ঈৰদাৰ উদ্যোগত উদযাপন কৰা হয় বিশ্ব প্ৰতিবন্ধী দিৱস ৷
সমাজত সদায় অৱহেলিত অনাদৃত হৈ থকা বিশেষ ভাৱে সক্ষম ব্যক্তি সকলে জীৱনৰ সৈতে সংগ্ৰাম কৰি শাৰীৰিক,মানসিক,সামাজিক আদি নানা ঘাট-প্ৰতিঘাটৰ মাজেৰে নিজকে বিশ্বৰ দৰবৰাত আন সাধাৰণ মানুহৰ দৰে সমান্তৰালভাৱে খোজতে খোজ মিলাই চলাৰ বাবে হেপাঁহ পুহি ৰাখে।
সেই উদ্যম বুকুত বান্ধি উদ্যমৰে ঐক্যবদ্ধ হোৱা নাওকাটাৰ ঈৰদাৰ উদ্যোগত বাক্সা জিলা ভিত্তিত বিশ্বৰ অন্যান্য দেশৰ লগত সংগতি ৰাখি দিনযোৰা কাৰ্য্যসূচীৰে বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন কৰা হয়৷
লগতে পঢ়কঃমানকাচৰৰ দুই চক্ৰ বিষয়া আদিত্য বৰা আৰু ইলিয়াছ আহমেদ গ্ৰেপ্তাৰ
অনুষ্ঠানটোত কণ কণ বিশেষ ভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীসকলে ৰাষ্ট্ৰীয় সংগীত আৰু জাতীয় সংগীত পৰিৱেশন কৰে। প্ৰতিবন্ধী দিৱস উপলক্ষে অনুষ্ঠিত হোৱা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিটিআৰৰ ই এম ৰনেন্দ্ৰ নাৰ্জাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাস,ঈৰদাৰ মূখ্য সঞ্চালক ৰমনী বৰ্মনৰ লগতে প্ৰতিবন্ধী বিভাগৰ কেইবাগৰাকীও সদস্য অনুষ্ঠানত উপস্থিত থাকে।