দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ ঝাউডাঙা খণ্ড পশু চিকিৎসালয়ত শনিবাৰে বিভিন্ন কাৰ্যসূচীৰে বিশ্ব পশু দিৱস উদযাপন কৰা হয়। পুৱা ১০ বজাত ঝাউডাঙাস্থিত খণ্ড পশু চিকিৎসালয়ত বিশ্ব পশু দিৱস উপলক্ষে চিকিৎসালয়খনৰ চৌহদত গছপুলি ৰোপন কৰি বিশ্ব পশু দিৱসৰ আৰম্ভণি কৰা হয়।
একদৰে পশু পালক সকলৰ মাজত পসউ পালনৰ ক্ষেত্ৰত সজাগতা আনিবলৈ চিকিৎসালয়খনৰ চৌহদত এক সজাগতা সভাৰো আয়োজন কৰা হয়। সজাগতা সভাখনত পশু চিকিৎসক ডাঃ জমছেদ আলী, স্থানীয় শিক্ষক ৰোজ মিঞা বিশ্ব পশু দিৱস সম্পৰ্কে বিস্তাৰিতভাৱে বক্তব্য প্ৰদান কৰে। কিদৰে হাহ-কুকুৰা, গৰু-ছাগলী আদি পালন কৰিলে নিজকে স্বাৱলম্বি কৰি তুলিব পাৰি সেই সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰা হয়।
দক্ষিণ শালমাৰা-মানকাচৰ জিলাখন কৃষি প্ৰদান অঞ্চল। জিলাখনৰ বিশেষকৈ কুছনিমাৰা-জোৰডাঙা, ঝাউডাঙা আদি অঞ্চলৰ কৃষকসকলে শাক-পাচলিৰ খেতিৰ লগতে পশু পালন কৰে। কৃষকসকল পশু পালনৰ দ্বাৰা স্বাৱলম্বি হোৱাৰ কেতবোৰ কৌশল বিশ্ব পশু দিৱসৰ সজাগতা সভাৰ জৰিয়তে উল্লেখ কৰা হয়।
ইফালে সজাগতা সভাৰ শেষত পশু পালক সকলে চিকিৎসাৰ বাবে লৈ অহা ছাগলীৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔধষ আদি বিতৰণও কৰা হয়। জিলাখনত প্ৰথম বাৰৰ বাবে ঝাউডাঙা খণ্ড পশু চিকিৎসালয়ত বিশ্ব পশু দিৱস পালন কৰা হৈছে। এই অনুষ্ঠানৰ জৰিয়তে স্থানীয় কৃষক, পশু পালক সকল লাভাম্বিত হ’ব বুলি একাংশ পশু পালকে জানিবলৈ দিয়ে।