নিউজ ডেস্ক: আজি বিশ্ব ধৰিত্ৰী দিৱস। প্ৰত্যেক বছৰে ২২ এপ্ৰিলৰ দিনটো বিশ্ব ধৰিত্ৰী দিৱস হিচাপে পালন কৰি অহা হৈছে। এই দিৱসৰ উদ্দেশ্য হৈছে প্ৰদূষণ, গোলকীয় উষ্ণতা, বন ধ্বংস আদি পৰিৱেশ সমস্যাৰ লগতে জৈৱ বৈচিত্ৰৰ সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টি কৰা।

এই বৰ্ষৰ ধৰিত্ৰী দিৱসৰ মূলমন্ত্ৰ হৈছে ‘Invest in Our Planet’ অৰ্থাৎ ‘আমাৰ পৃথিৱীত বিনিয়োগ কৰক’ । ২০২০ আৰু ২০২১ বৰ্ষৰ ধৰিত্ৰী দিৱসৰ মূলমন্ত্ৰ আছিল ‘Climate Change’ আৰু ‘Restore our Earth’।

ইতিহাস

১৯৬৯ চনত San Franciso-ত অনুষ্ঠিত UNESCO-ৰ এখন সন্মিলনত শান্তী কৰ্মী (peace activist) John McConnell-এ ধৰিত্ৰীৰ নামত এটা দিন উৎসৰ্গা কৰাৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই অনুসৰি ১৯৭০ চনৰ ২১ মাৰ্চত প্ৰথমবাৰৰ বাবে ইয়াক পালন কৰা হৈছিল।

ইয়াৰ এমাহ পিছত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ছীনেতৰ জেৰল্ড নেলছনে ১৯৭০ চনৰ ২২ এপ্ৰিলত দেশজোৰা পৰিৱেশ সজাগতা দিন পালন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়, আৰু তেতিয়াৰ পৰা প্ৰত্যেক বছৰে ২২ এপ্ৰিলৰ দিনটো ধৰিত্ৰী দিৱস হিচাপে পালন কৰি অহা হৈছে।

উল্লেখযোগ্য যে উক্ত সন্মিলনত ধৰিত্ৰীক ৰক্ষা কৰাৰ দাবীত ২০ নিযুততকৈ অধিক লোকৰ সমাগম হৈছিল আৰু এইখনে হৈছে মানৱ ইতিহাসৰ আটাইতকৈ বৃহৎ এদিনীয়া প্ৰতিবাদ। ইয়াৰ পিছত ডেনিচ হেইচৰ উদ্যোগত ১৯৯০ চনত ইয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা হয় আৰু ১৪১ খন দেশত ইয়াক পালন কৰা হয়।

তাৎপৰ্য্য

বৰ্তমান যি হাৰত সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তন হ’বলৈ ধৰিছে সি মানৱজাতিৰ ভৱিষ্যতৰ বাবে এক ভয়াৱহ ইংগিত বহন কৰে। এনেস্থলত পৃথিৱী নামৰ আমাৰ গ্ৰহটোক ৰক্ষা কৰাৰ বাবে প্ৰতিজন লোক প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব। মানুহৰ মাজত বিশেষকৈ উঠি অহা প্ৰজন্মক জলবায়ু আৰু পৰিৱেশৰ সমস্যাসমূহৰ প্ৰতি সজাগ আৰু সচেতন কৰিব পাৰি তাৰ বাবেই এই দিৱস পালন কৰা হয়।

বিশ্ব ধৰিত্ৰী দিৱস উপলক্ষে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰত সকলোকে পৃথীৱিখনৰ প্ৰতি দায়বদ্ধ হ’বলৈ আহ্বান জনায়।

লগতে পঢ়ক – বৃহৎ পশুখাদ্য কেলেংকাৰীৰ অন্তিমটো গোচৰত জামিন লাভ লালু প্ৰসাদ যাদৱৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply