চৰাইদেউ : ৰাজ্যৰ আন প্ৰান্তৰ লগতে আজি চৰাইদেউ জিলাতো বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী পালন কৰা হয়। প্ৰতিকূল বতৰকো নেওচি জিলাখনৰ বিভিন্ন প্ৰান্তত বৃক্ষৰোপণৰ জৰিয়তে বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী পালন কৰে জিলাবাসীয়ে। সোণাৰি বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পুৱাৰ ভাগত সোণাৰিৰ বৰ পুখুৰীৰ পাৰত বৃক্ষৰোপণ কৰা লগতে চলা গ্ৰাম্য অভয়াৰণ্য সংৰক্ষণ সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা পৰিৱেশ দিৱসৰ কাৰ্যসূচীত বৃক্ষৰোপণ কৰাৰ ওপৰিও কাৰ্যসূচীৰ লগত সংগতি ৰাখি পৰিৱেশ সজাগতামূলক চাইকেল ৰেলী উদ্বোধন কৰে।

দুয়োটা স্থানতে পৰিৱেশ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৰাইজক প্ৰকৃতি সুৰক্ষাৰ বাবে কেৱল গছপুলি ৰোপণ কৰিয়েই দায়িত্ব সামৰাৰ বিপৰীতে ৰোপন কৰা গছপুলি সমূহ প্ৰতিপালন কৰি ডাঙৰ-দীঘল কৰিবলৈও আহ্বান জনায়।
বিধায়ক গৰাকীয়ে ব্যক্তিগত ভাৱে ১৯৯২ চনৰ পৰা বৰ্তমানলৈ নীৰৱিচ্ছিন্নভাৱে প্ৰায় চাৰে তিনি লাখ গছপুলি ৰোপণ কৰাৰ লগতে প্ৰতিপালন কৰি অহাৰ কথাও নিজৰ বক্তব্যত প্ৰকাশ কৰে। আনহাতে সোণাৰি মহাবিদ্যালয়ত ফুল আৰু ফলৰ গছ পুলি ৰুই বিশ্ব পৰিৱেশ দিৱস পালন কৰে মহাবিদ্যালয় কৰ্তৃপক্ষই। চৰাইদেউ জিলাৰ আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান সোণাৰি মহাবিদ্যালয়ৰ উদ্যোগত ৫ জুন শনিবাৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়।

এইবাৰ মহাবিদ্যালয়খনে কেৱল ফুল আৰু ফলৰ গছ ৰুই এই দিৱস উদযাপন কৰে। সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমল চন্দ্ৰ গগৈয়ে এজোপা কাজু বাদাম গছৰ পুলি ৰূপন কৰি বৃক্ষ ৰোপনৰ কাৰ্যসূচী শুভাৰম্ভ কৰে। ইয়াৰ পিছতে অধ্যাপক-কৰ্মচাৰীবৃন্দ ফণীন্দ্ৰ বৰুৱা, মিণ্টু গগৈ, বিনোদ ৰাজ খনিকৰ, ডঃ ৰঘুনাথ কাগয়ুং, বাবা বৰুৱা, দূলু দত্ত, দুদুল ফুকন, নৱজ্যোতি কোঁৱৰ প্ৰমুখ্যে আটায়ে এজোপাকৈ ফুল আৰু ফলৰ পুলি ৰোপন কৰি পৰিৱেশ দিৱস উদযাপন কৰে।
অধ্যাপক জ্যোতিপ্ৰসাদ ফুকনৰ পৰিকল্পনাত আৰু তত্বাৱধানত প্ৰবল বৰষুণকো নেওচি গোটেই কাৰ্যসূচীটো সম্পন্ন কৰা হয়। ইফালে সোণাৰি জাতীয় বিদ্যালয় কৰ্তৃপক্ষয়ো ব্যতিক্ৰমী ৰূপত পালন কৰে বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচী। ক’ৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিদ্যালয় বন্ধ হৈ থকাত সোণাৰি জাতীয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ডিজিটেল পদ্ধতিৰ জৰিয়তে পৰিৱেশ দিৱসৰ কাৰ্যসূচী পালন কৰে।

বিদ্যালয় খনৰ অধ্যক্ষা মামণি তিনিকুৰীয়াই জনোৱা অনুসৰি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলে নিজ নিজ বাসগৃহৰ চৌহদত গছপুলি ৰোপণ কৰি তাৰ ফটো সামাজিক মাধ্যমত প্ৰকাশ কৰা লগতে পৰিৱেশ সম্পৰ্কীয় বক্তৃতা প্ৰদান কৰে বহু কেইগৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে। আনহাতে টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰিৰ ঐতিহাসিক দগাযুঁজ ৰণকৌশল প্ৰত্নতাত্বিক স্থানত বৃক্ষৰোপণ কৰা হয়।
টাই আহোম যুৱ পৰিষদ,অসম চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ৰূপায়ণ কৰে উক্ত বৃক্ষৰোপন কৰে কাৰ্যসূচী।উল্লেখ্য যে সংৰক্ষণ আৰু সংবৰ্ধনৰ অভাৱত আজিও উন্মুক্ত হৈ থকা এই ঐতিহাসিক দগাযুঁজ ৰণক্ষেত্ৰক দাঙি ধৰাৰ প্ৰয়াস হিচাপে টাইপাৰ উদ্যোগত এই পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হয়।উক্ত বৃক্ষ ৰোপন কাৰ্যসূচীত টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ,উপ সভাপতি অজিত দেওঘৰীয়া,বিশিষ্ট সমাজকৰ্মী মণি গগৈ,লেখিকা বেলা বৰা,সোণাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপান্ত ফুকন,চৰাইদেউ জিলা সাহিত্য সভাৰ সভাপতি প্ৰিয়বৰ কোঁৱৰকে প্ৰমূখ্য কৰি টাইপাৰ ভালেসংখ্যক কৰ্মকতাৰ লগতে টাই আহোম মহিলা পৰিষদৰ সদস্যা সকলে অংশগ্ৰহণ কৰে উক্ত বৃক্ষ ৰোপন কাৰ্যসূচীত।

দৰাচলতে লক্ষণীয় যে পৃথিৱীত গছ থাকিলেহে মানুহ থাকিব, কৰণাৰ ভয়াৱহতাই মানুহক বুজাই থৈ গল যে মানুহৰ জীৱনত তথা জীৱ কূল জীয়াই থাকিবলৈ অক্সিজেনৰ প্ৰয়োজনীয়তা কিমান।সেয়েহে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বৃক্ষ ৰোপন কৰাৰ সমান্তৰালকৈ আমি বৃক্ষ ৰোপন কৰাৰ লগতে ইয়াক প্ৰতিপালন কৰা খুবেই প্ৰয়োজন।