মাৰ্ঘেৰিটাত পৰিবেশ দিৱস উদযাপন

মাৰ্ঘেৰিটা: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি উদযাপন কৰা হয় বিশ্ব পৰিবেশ দিৱস।

মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ উদ্যোগত, ডিগবৈ বন সংমণ্ডল আৰু অখিল ভাৰতীয় মাৰোৱাৰী যুৱ মঞ্চৰ সহযোগত উদযাপিত বিশ্ব পৰিবেশ দিৱসত মাৰ্ঘেৰিটা টাউন হাইস্কুল খেল পথাৰত গছপুলি ৰোপণ কৰা হয়।

মাৰ্ঘেৰিটা মহকুমাৰ নৱ নিযুক্ত মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহোমে শুভাৰম্ভ কৰাৰ কাৰ্যসূচীত উপস্থিত থাকে ডিগবৈ বন প্ৰাধিকাৰী টি চি ৰঞ্জিতৰামৰ লগতে সহকাৰী আয়ুক্ত সচীৱ অভিজিৎ গগৈ, ত্ৰিদিপ কোঁ‌ৱৰ, প্ৰান্তপ্ৰতিম পাত্ৰ, চক্ৰ বিষয়া সোনবৰ চুতীয়া, জন সংযোগ বিষয়া গুৰমিত কৰ চুড়ী, বন বিষয়া অশোক শৰ্মাকে আদি কৰি শতাধিক লোক।

মহকুমাধিপতি গৰাকীয়ে পৰিবেশ দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰি পৰিবেশ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত সংকল্পবদ্ধ বুলি উল্লেখ কৰে।

লগতে পঢ়ক ‘পৰিৱেশ তন্ত্ৰ’ৰ গুৰুত্বপূৰ্ণ অংগ জলাশয় সমূহ পুনৰুদ্ধাৰ কৰাটো কিমান সম্ভৱ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply