গুৱাহাটীঃ ঝাৰু দিয়া কাৰ্যটো যদিও পৰিচ্ছন্নতাৰ এক অংশ তথাপি ঝাৰুৰে আমি আৱৰ্জনা এঠাইৰ পৰা আন এঠাইলৈ চালিতহে কৰো। কিন্তু ইয়াতেই শেষ নহয় স্বচ্ছতা কাৰ্যসূচী। আচলতেএই আৱৰ্জনাবোৰৰ উপযুক্ত ব্যৱস্থাপনাৰে হ্ৰাসকৰণ, পচন,পুনৰ ব্যৱহাৰ আদি প্ৰক্ৰিয়াৰে পৰিৱেশৰ ভাৰসাম্যতাৰ বাবে আমি সদা সচেতন হ’ব লাগিব।
জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান(DIET) কামৰূপৰ দ্বাৰা উদযাপিত বিশ্ব পৰিৱেশ দিৱসৰ ভাৰ্চুৱেল কাৰ্যসূচীত এনভাইৰণ নামৰ সংস্থাটোৰ অধ্যক্ষ ড° অমৰজ্যোতি কাশ্যপে অংশগ্ৰহণ কৰি এই কথা ব্যক্ত কৰে। Decentralised waste management and Organic Farming শীৰ্ষক বিষয়ক লৈ আয়োজিত এই ৱেবিনাৰত আদৰণি ভাষণ প্ৰদান কৰে ডায়েটখনৰ অধ্যক্ষা ড° পংকজা বৰুৱাই।
আৰু পঢ়কঃআজি ৰাজ্য চৰকাৰে ঘোষণা কৰিব অসমৰ ষষ্ঠখন নতুন ৰাষ্ট্ৰীয় উদ্যান
জৈৱিক আৱৰ্জনাক কেনেকৈ বিজ্ঞানসন্মত পদ্ধতিৰে জৈৱিক খেতিৰ বাবে সহায়ক কৰি তুলিব পাৰি সেই কথাৰে পৰিৱেশবিদ ড° কাশ্যপে ডায়েটৰ প্ৰশিক্ষাৰ্থী আৰু প্ৰবক্তা মণ্ডলীৰ লগতো বিতং আলোচনা আগবঢ়াই।
ড° ঝুম্পা দেই আঁত ধৰা অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰশিক্ষাৰ্থীসকলৰ মাজত আয়োজিত বিভিন্ন প্ৰতিযোগিতা পৰিচালনা কৰে ডায়েটৰ প্ৰৱক্তা ডেইজী গগৈ,ড° শিৰোমণি ভূঞা,মিতালী মহন্ত, কমল মহন্ত আদিয়ে।
এই অনুষ্ঠানটোৰ শলাগৰ শৰাই আগবঢ়াই প্ৰবক্তা পল্লৱী ভট্ৰাচাৰ্যই। তেখেতে জনাই যে পৰৱৰ্তী সময়ত স্বচ্ছতা কাৰ্যসূচী ২০২১ৰ অধীনত সামূহিক পৰ্য্যায়ত আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে ডায়েটে কেতবোৰ পদক্ষেপ হাতত ল’ব। এইক্ষেত্ৰত স্থানীয় ৰাইজৰো সহাৰি কামনা কৰিছে ডায়েট পৰিয়ালে।