খুমটাই: আজি বিশ্ব সাধুকথা দিৱস । বৰ্তমানৰ যান্ত্ৰিকতাৰ জনজীৱনত সাধুকথা বোৰৰ প্ৰচলন সম্প্ৰতি কমি গ’ল । ককা-আইতাৰ মুখেৰে সাধু শুনি টোপনি যোৱা বাতাবৰণ এতিয়া বিৰল । অসমীয়া জাতীয় জীৱনৰ আপুৰুগীয়া সম্পদ সাধুকথাৰ বৰ্তমান প্ৰচলন প্ৰায় নাইকিয়া হৈছে ৷ বিশেষকৈ ম’বাইল ফোনৰ প্ৰভাৱ পৰিল এইক্ষেত্ৰত।

কিন্তু এনে সময়তো ব্যতিক্ৰমীভাৱে বিশ্ব সাধুকথা দিৱস উদযাপন কৰিছে খুমটাইত । খুমটাইৰ ডেকা-দোলাকাষৰীয়া গাঁৱৰ এজোপা বৰগছৰ তলত আয়োজন কৰা হৈছে বিশ্ব সাধুকথা দিৱস । গাঁৱৰে এজন জ্যেষ্ঠই সাধুকথাৰ বিষয়ে জ্ঞান দিছে শিশুসকলক ৷

গছৰ তলত শিশুসকলক বঢ়াই কোৱা হৈছে সাধুকথা । শিশুসকলেও শুনাৰ লগতে নিজেও কৈছে সাধু । এনেকৈ প্ৰাকৃতিক পৰিবেশৰ মাজত সাধুকথা দিৱস উদযাপন কৰি আনন্দিত এইসকল শিশু ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply