সমগ্ৰ বিশ্বৰ লগতে প্ৰত্যেক বছৰৰ ৭ এপ্ৰিল দিনটোতে “বিশ্ব স্বাস্থ্য দিৱস” পালন কৰা হয় । বিশ্বৰ প্ৰতিটো প্ৰান্ততে স্বাস্হ্য সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে এই দিৱস আয়োজিত কৰাৰ প্ৰতি লক্ষ্য ৰাখি আজি চৰাইদেউ জিলা বিজেপিৰ উদ্যোগত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সমিতিয়ে ঘোষণা কৰা “সামাজিক ন্যায় পষেক”ৰ লগত সংগতি ৰাখি “বিশ্ব স্বাস্থ্য দিৱস” উপলক্ষ্যে বৰহাট চাহ বাগিছা চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰ মাজত ফল-মূল বিতৰণৰ এক কাৰ্যসূচী ৰূপায়ন কৰা হয় ।
উক্ত অনুষ্ঠানত চৰাইদেউ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ বৰহাট মণ্ডলৰ সন্মানীয় সভাপতি কমল কুৰ্মী, সাধাৰণ সম্পাদক চন্দন সোনোৱাল, সম্পাদিকা ধনকুমাৰী তেলী, চাহ ও প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগ চৰাইদেউ জিলাৰ হিতাধীকাৰি বাচনি সমিতিৰ সভাপতি শিৱৰাজ তাতীঁ, আৰু সামাজিক মাধ্যম কোষৰ জিলাৰ সদস্য অঞ্জন দে ৰ উপৰিও বুথ সভাপতি আৰু দলীয় কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে ।
চৰাইদেউৰ বৰহাট চাহ বাগিছাত বিশ্ব স্বাস্থ্য দিৱসৰ আয়োজন
বিশ্ব স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানৰ আয়োজন
