গুৱাহাটী : বিশ্বৰ প্রতি একলাখ লােকৰ ভিতৰত ২৩৫ জনৰে মৃত্যু হয় হৃদৰােগত। আনহাতে ভাৰতত প্রতিলাখত মৃত্যু হয় ২৭২ জনৰ। ভাৰতৰ দৰে তৃতীয় বিশ্বৰ দেশত হৃদৰােগৰ প্রাদুর্ভাৱ কল্লাতীতভাৱে বৃদ্ধি পাইছে। ইয়াৰ মূল কাৰণ হ’ল জন সজাগতাৰ অভাৱ। এজন সজাগ ব্যক্তিয়ে অন্তত ৪০ শতাংশ হৃদৰােগ প্ৰতিৰােধ কৰিব পাৰে।
বিশ্ব হৃদ দিৱসৰ সৈতে সংগতি ৰাখি মহানগৰীৰ খানাপাৰাস্থ হেলথ চিটী হাস্পতালত অনুষ্ঠিত এক সজাগতা সভাত এই মন্তব্য কৰে হাস্পাতালখনৰ প্ৰখ্যাত হৃদৰােগ বিশেষজ্ঞ তথা হৃদৰােগ বিভাগৰ সঞ্চালক ডাঃ শশাংক বৰুৱাই। ইণ্ডিয়ান হার্ট এছচিয়েচনৰ তথ্যৰ উদ্ধৃতি দি তেওঁ প্ৰকাশ কৰা চাঞ্চল্যকৰ তথ্য অনুসৰি ভাৰতত বছৰি হাৰ্ট এটেকত মৃত্যু হয় ১৭ লাখ লােক।
মৃত্যুৰ এই ধাৰা অব্যাহত থাকিলে ২০৩০ চনত মৃত্যুৰ সংখ্যা হ’বগৈ ২.৩০ কোটি। ডাঃ শশাংক বৰুৱাই হৃদৰােগ প্ৰতিৰােধৰ বাবে সতেজ ফল-মূল, শাক-পাচলি গ্ৰহণ কৰিবলৈ, অশুদ্ধ জীৱন শৈলীৰ পৰিৱৰ্তন আৰু ধপাতজাতীয় সামগ্রী বর্জন কৰিবলৈ আহ্বান জনায়। তদুপৰি ৪০ বছৰ অতিক্ৰম কৰা প্ৰতিজন ব্যক্তিয়েই বছৰি এবাৰকৈ হৃদযন্ত্ৰৰ পৰীক্ষা কৰা উচিত বুলি তেওঁ মন্তব্য কৰে।
আনহাতে হেলথ চিটীৰ চিকিৎসা সঞ্চালক ডাঃ বি পি চক্ৰৱৰ্তীয়ে বিশ্ব হৃদ দিৱসৰ তাৎপর্য ব্যাখ্যা কৰি কয় যে মূলতঃ হৃদৰােগ প্ৰতিৰােধ আৰু সজাগতা সৃষ্টি হ’ল এই দিৱসৰ তাৎপর্য। এইবেলি হৃদ দিৱসৰ মূল বিষয় হৈছে ক’ভিড মহামাৰীজনিত নতুন স্বাভাৱিক পৰিস্থিতিত হৃদৰােগী সকলৰ কৰণীয়। নতুন স্বাভাৱিক পৰিস্থিতিত সামাজিক দূৰত্বৰ লগতে আন কিছু বিধি মানি চলিবলগীয়া হয়।
লগতে পঢ়ক : অখিল গগৈৰ হৈ ন্যায়ালয়ত যুঁজ দিয়া অধিবক্তা কৃষ্ণ গগৈ ৰাজনৈতিক যুঁজত
সেয়ে হৃদৰােগীয়ে ডিজিটেল মাধ্যমত চিকিৎসক, সহকর্মী, বন্ধু-বান্ধৱ, পিতৃ-মাতৃ আৰু আপােনজনৰ সৈতে সংযােগ স্থাপন কৰা উচিত। কিয়নাে বর্তমান পৰিস্থিতত কায়িকভাৱে কৰােবাক লগ কৰাটো সহজে সম্ভৱ নহ’বও পাৰে। সজাগতা সভাখনিত হেলথ চিটীৰ জ্যেষ্ঠ হৃদৰােগ বিশেষজ্ঞ ডাঃ মায়াংক আগৰৱালা, অধীক্ষক ডাঃ হেমজিৎ তালুকদাৰ, চিকিৎসা সেৱা সঞ্চালক ডাঃ অতনু বৰঠাকুৰৰ লগতে জ্যেষ্ঠ চিকিৎসক আৰু নাছকে ধৰি চিকিৎসা কর্মী আৰু একাংশ স্থানীয় লােক উপস্থিত থাকে বুলি ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই প্ৰেছ বিবৃতিযােগে প্রকাশ কৰিছে।