নিউজ ডেস্ক : কাবাব খোৱাৰ মজাই সুকীয়া। কাবাব খাই ভাল নোপোৱা মানুহ হয়টো খুব কমহে ওলাব। আপুনিয়ো নিশ্চয় এবাৰ হ’লেও সুস্বাদু কাবাবৰ জুতি লৈ পাইছে। যদি কেনেবাকৈ পোৱা নাই তেন্তে আজি কাবাবৰ জুতি লোৱাৰ এটা বিশেষ দিন, কিয়নো আজি হৈছে বিশ্ব কাবাব দিৱস।
প্ৰতি বছৰৰ জুলাই মাহৰ দ্বিতীয়টো শুকুৰবাৰক বিশ্ব কাবাব দিৱস হিচাপে পালন কৰা হয়। মধ্যপ্ৰাচ্যৰ দেশসমূহত উৎপত্তি হোৱা কাবাবে এতিয়া গোটেই বিশ্বতে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে।
আপুনি বাৰু জানেনে যে কাবাব দুই প্ৰকাৰৰ পোৱা যায়, ডোনাৰ কাবাব আৰু শিশ কাবাব। ভাৰত তথা এছিয়াৰ দেশসমূহত শিশ কাবাব বেছি জনপ্ৰিয়।
আপোনাৰ ঘৰ যদি ডিব্ৰুগড়ত বা যদিহে আপুনি কেতিয়াবা ডিব্ৰুগড়লৈ যায় তেন্তে তলৰ পাঁচখন কাবাব জইণ্টত আপুনি হেপাহ পলুৱাই কাবাব জুতি ল’ব পাৰে।
Azad’s
আপুনি যে যদি ডিব্ৰুগড়ৰ আটাইতকৈ উৎকৃষ্ট মুগলাই খানাৰ ৰেষ্টোৰেণ্ট বিচাৰি আছে তেন্তে Azad’sআপোনাৰ বাবে আটাইতকৈ উত্তম স্থান হ’ব। পৰিয়াল বা বন্ধু-বান্ধৱৰ সৈতে গৈ কাবাবৰ জুতি লওক।
Moti Mahal Delux Tandoori Trail
দিল্লীৰ বিখ্যাত Moti Mahal ৰেষ্টোৰেণ্টৰ এখন ডাইনিং আউটলেট Moti Mahal Delux Tandoori Trail হৈছে অতি উন্নতমানৰ কাবাব পোৱা আন এক উত্তম স্পট। হোটেল ৰাজাৱছত থকা এই আউটলেটখনলৈ আপুনি পৰিয়ালৰ সৈতে যাব পাৰে।
MFC- Fusion Asiana Restaurant
কম খৰচতে যদি ভাল কাবাবৰ সোৱাদ ল’ব খুজিছে তেন্তে MFC- Fusion Asiana Restaurant আপোনাৰ বাবে ভাল স্থান হ’ব।
Infinity Lounge
Infinity Lounge আন এক উত্তম স্থান য’ত আপুনি পৰিয়াল বন্ধু-বান্ধৱৰ সৈতে গৈ সুস্বাদু কাবাবৰ জুতি ল’ব পাৰে। এক ধুনীয়া পৰিৱেশৰ সৈতে ইয়াত আপুনি লাভ কৰিব কাবাবৰ কেইবাটাও ডেলিচিয়াছ মেন্যু।
Atmosphere
এক সুন্দৰ পৰিৱেশৰ সৈতে সুস্বাদু কাবাবৰ জুতি ল’বলৈ ডিব্ৰুগড়ৰ নগৰত থকা আন এখন উৎকৃষ্ট ৰেষ্টোৰেণ্ট হৈছে Atmosphere। ইয়াতো আপুনি পৰিয়াল তথা বন্ধু-বান্ধৱৰ সৈতে গৈ কাবাব লগতে আন সুস্বাদু খাদ্যৰ জুতি ল’ব পাৰে।
লগতে পঢ়ক : সুস্বাস্থ্য ধৰি ৰাখক : বহুমূত্ৰ ৰোগৰ কেইটামান ঘৰুৱা চিকিৎসা