বিশ্ব কিডনী দিবস উপলক্ষ্যে আজি মাৰ্ঘেৰিটা চিভিল হাস্পতালত এপল’ ডায়েলাইচিছ ক্লিনিকৰ সহযোগত অনুষ্ঠিত হয় বিশ্ব কিডনী দিৱসৰ অনুষ্ঠান।

এই উপলক্ষে আজি মাৰ্ঘেৰিটা চিভিল হাস্পতাল এপল’ ডায়েলাইচিছ ক্লিনিকৰ উদ্যোগত বিশ্ব কিডনী দিৱসৰ লগত সংগতি ৰাখি এখন সজাগতা সভা অনুষ্ঠিত হয়।

এপল ডাইলাইছ ক্লিনিক কেন্দ্ৰটোৰ টেকনিচিয়ান বিপুল ভূমিজে আঁ‌ত ধৰা এই অনুষ্ঠিত মাৰ্ঘেৰিটা চিভিল হাস্পতালৰ অধ্যক্ষ ডাক্তৰ কে চি দাসে মুখ্য অতিথিৰ ভাষণ দিয়াৰ লগতে জ্যেষ্ঠ আয়ুৰ্বেদিক চিকিৎসক এছ বৰ্মন, চিন্ময়ী ফুকন আৰু এছ আলমেও ভাষণ প্ৰদান কৰি শৰীৰ অংগ কিডনীক কি দৰে সুস্থ সবল কৰি ৰাখিব পাৰি লগতে ল’ব লগা সাৱধানতাৰ সম্পৰ্কে অৱগত কৰে।

উল্লেখ যে ২০২১ বৰ্ষত মাৰ্ঘেৰিটা চিভিল হাস্পতালত এপল ডায়েলাইচিছ ক্লিনিকৰ সহযোগত অসম চৰকাৰে স্থাপন কৰা এই কেন্দ্ৰত এই পৰ্য্যন্ত ১৭শৰো অধিক ৰোগীক ডাইলাইছ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply