গুৱাহাটী: অসমৰ সৰ্ববৃহৎ দুগ্ধ সমবায়, পশ্চিম অসম দুগ্ধ উৎপাদক সমবায় সংঘ লিমিটেডৰ (WAMUL) অধীনৰ ব্ৰেণ্ড পূৰবী ডেইৰীয়ে বিশ্ব দুগ্ধ দিৱস উপলক্ষে, সমগ্ৰ চহৰ ভ্ৰমণ কৰি গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীৰ লাভালাভৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ দুখন পূৰবী ডেইৰীৰ ব্ৰেণ্ডেড বাহন ফ্লেগ অফ কৰে। বাহন দুখন ৱামুলৰ পৰিচালনা সঞ্চালক সত্যব্ৰত বসুৱে ১ জুনত গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত পূৰবী দুগ্ধ প্ৰকল্পৰ পৰা ফ্লেগ অফ কৰে।
বিশ্ব দুগ্ধ দিৱস ২০২২ৰ বিষয়বস্তু “দুগ্ধ উদ্যোগত স্থিৰতা, লগতে পুষ্টি, পাৰিপাৰ্শ্বিক আৰু আৰ্থসামাজিক সৱলীকৰণ”। এই সজাগতা অভিযানত গুৱাহাটীৰ ছয়মাইল, গণেশগুৰী, বেলতলা, কাহিলীপাৰা, ভঙাগড়, পল্টন বজাৰ, পান বজাৰ, শিলপুখুৰী, চান্দমাৰী, উজানবজাৰ, মালিগাঁও, আদাবাৰী, জালুকবাৰী আদিকে ধৰি একাধিক স্থান সামৰি লোৱা হয়।
এই সজাগতা অভিজানৰ বিষয়ে বিৱৰণ প্ৰদান কৰি ৱামুলৰ পৰিচালনা সঞ্চালক সত্য ব্ৰত বসুৱে কয়- “অসমৰ দুগ্ধ খণ্ড যথেষ্ট সম্ভাৱনাপূৰ্ণ। এই বিশ্ব দুগ্ধ দিৱসত মই নৱপ্ৰজন্মক দুগ্ধ সম্পৰ্কীয় বিভিন্ন কাৰ্যকলাপত নিজকে অন্তৰ্ভুক্ত কৰিবলৈ অনুৰোধ জনাইছো। যাৰ দ্বাৰা তেওঁলোকে নিজৰ লগতে তেওঁলোকৰ গাওঁ আৰু ৰাজ্যৰো অৰ্থনৈতিক বিকাশত সহায় কৰিব পাৰিব। সকলোৱে এই আৰ্থ-সামাজিক বিপ্লৱৰ অংশ হৈ গৌৰৱ অনুভৱ কৰা উচিত আৰু এই প্ৰক্ৰিয়াটো উপভোগ কৰা উচিত।”
ৰাজ্যখনৰ ২৯,০০০তকৈও অধিক দুগ্ধ খেতিয়কক জীৱিকা প্ৰদানত সহায় কৰাৰ ক্ষেত্ৰত পূৰবী ডেইৰী আগভাগত আছে। কেৱল সেয়াই নহয় দুগ্ধ সমবায়টোৱে দুগ্ধ খেতিয়কসকলক মৌপালন, মৌ চপোৱা আদিৰ দৰে বিভিন্ন আনুষঙ্গিক কাৰ্যকলাপত প্ৰশিক্ষণ দি তেওঁলোকৰ উপাৰ্জন বৃদ্ধিত সহায় কৰাৰ বাবে কেইবাটাও কৰ্মশালা অনুষ্ঠিত কৰিছে।