আজি বিশ্ব দুগ্ধ দিৱস। চিকিৎসকসকলে প্ৰায় সকলো লোককে গাখীৰ খাবলৈ পৰামৰ্শ দিয়ে।নিতৌ এগিলাচ গাখীৰে আপোনাৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে।
ইয়াৰ উপৰি গাখীৰত যথেষ্ট পৰিমাণে প্ৰোটিন, ভিটামিন আৰু কেলচিয়াম পোৱা যায়। এইবিলাক পুষ্টি দ্ৰব্য শৰীৰৰ বাবে অতি প্ৰয়োজন আৰু এইবিলাক উপাদানে স্বাস্থ্য ভালে ৰখাত সহায় কৰে।
গাখীৰৰ উপকাৰিতা
দুৰ্বল শৰীৰৰ লোকে নিয়মীয়াকৈ গাখীৰ খাই থাকিলে শৰীৰৰ ওজন সোনকালে প্ৰায় বৃদ্ধি পাব পাৰে।
গাখীৰত ‘চেচিন’ আৰু ‘হোৱে-প্ৰোটিন’ থাকে। এই দুবিধ উপাদান শৰীৰৰ পেশী শক্তিশালী কৰি তোলাত সহায় কৰে।
গাখীৰ সাধাৰণতে গৰম কৰিয়েই খোৱা হয়। কিন্তু যদি গাখীৰ ঠাণ্ডা কৰি খায়, তেনেহ’লে এচিডিটি, মেদবহুলতা, সঘনাই ভোক লগা আদি সৰু সৰু বিসংগতিবোৰ নিৰাময় হৈ থাকিব।
লগত পঢ়ক : কৃত্ৰিম বান ৰোধিবৰ বাবে মহানগৰীত জিএমচিৰ যুদ্ধকালীন তৎপৰতা
নিয়মীয়াকৈ গাখীৰ খাই থাকিলে শৰীৰৰ হাড়বিলাক শক্তিশালী হয়।
সাধাৰণ গাখীৰ খাবলৈ বেয়া পালে গাখীৰ গিলাচত তিনিটা মান আলমণ্ড বাদাম গুড়ি কৰি গাখীৰত মিহলাই খাব পাৰে।ই খাবলৈ সোৱাদ লগা হয় আৰু এনে গাখীৰত কলেষ্টেৰলৰ মাত্ৰাও যথেষ্ট কম হয়।
এনে গাখীৰত ‘চেচুৰেটেত ফেট’ থাকে আৰু ইয়াৰ ফলত মেদবহুলতাৰ আশংকা কম হয়। কম কলেষ্টেৰল থকাৰ বাবে এনে গাখীৰ শিশুৰ হৃদযন্ত্ৰ আৰু স্বাস্থ্যৰ কাৰণে উপকাৰী হৈ পৰে।