মুকাভিনয় দিৱসৰ উপলক্ষে মহানগৰীৰ বিষ্ণু নিৰ্মলা ভৱনত উন্মোচন কৰা হয় Mime Journal নিৰ্বাক ৰ দ্বিতীয় সংখ্যা । নিৰ্বাক হল ভাৰতবৰ্ষৰ পৰা প্ৰকাশিত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মাইম জাৰ্নেল।


মুকাভিনয় শিল্পী মিনাংক ডেকাৰ সম্পাদনাত আৰু প্রতীতি কাত্যায়নৰ সহ: সম্পাদনাত প্ৰকাশ পোৱা জাৰ্নেলখন প্ৰতি বছৰে বিশ্ব মুকাভিনয় দিৱসত প্ৰকাশ কৰা হয়। এই জাৰ্নেল খনত জাৰ্মানী, ফ্ৰান্স, USA, কানাডা ইত্যাদি বিভিন্ন দেশৰ মূকাভিনয় শিল্পী সকলৰ লিখনি প্ৰকাশ পাইছে।

নিৰ্বাক ৰ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট নাট্যকাৰ দুলাল ৰয়, মানবেন্দ্ৰ ৰংহাং চৌধুৰী, ৰবিজিতা গগৈ, অধিবক্তা দীপক শৰ্মা আৰু অভিনেতা অৰ্ঘ্যদীপ বৰুৱা। অনুষ্ঠানৰ আঁত ধৰে অভিনেতা জগদীশ ডেকাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply