নিউজ ডেস্ক : পূৰ্বৰ তুলনাত বৰ্তমান বলিউডত অসম তথা উত্তৰ-পূবৰ গুৰুত্ব কিছু পৰিমাণে হ’লেও বৃদ্ধি পাব ধৰিছে। অভিনয়, সংগীত আদি ক্ষেত্ৰত যোৱা সময়ছোৱাত অঞ্চলটোৰ বহু কেইগৰাকী শিল্পীয়ে নিজৰ প্ৰতিভাৰ বলত বলিউডত নিজৰ এক সুকীয়া পৰিচয় গঢ় দিবলৈ সক্ষম হৈছে।
অসমৰ পৰা গৈ মুম্বাইৰ সংগীত জগতত নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা তেনে এজন বিশেষ ব্যক্তি হৈছে ডনি হাজৰিকা। বৰ্তমান সময়ত ডনি হাজৰিকা মুম্বাইৰ সংগীত ক্ষেত্ৰখনৰ এক চিনাকী নাম।
১৯৯৫ চনত বন্দিতা এলবামৰ জৰিয়তে সংগীতৰ যাত্ৰা আৰম্ভ কৰা ডনি হাজৰিকাই Agle Janam Mohe Bitiyan Hi Ki Jo, Sanjog Se Bani Sangini, Geeta, Choti Bahu 2, Afsar Bitiya, Do Dil Bandhe Ek Dori Se, Kaala Teeka, Bhootu, Fear Files, Bandhan, Hitler Didi আদি বহু কেইখন হিন্দী টি ভি চিৰিজৰ চাউণ্ড ট্ৰেক সৃষ্টি কৰিছে।
ইষ্টম’জ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত, সংগীতৰ প্ৰতি কিদৰে আকৃষ্ট হ’ল সেই কথা ৰোমন্থন কৰি তেওঁ কয়, ’৭০-৮০ দশকৰ জনপ্ৰিয় গায়িকা নাছৰিণ হালিম মোৰ মাহী আছিল, সেই সময়ত মই প্ৰায়ে মঞ্চত হোৱা তেওঁৰ গাণৰ অনুষ্ঠানসমূহ উপভোগ কৰিবলৈ গৈছিলো আৰু প্ৰত্যেকবাৰেই মই অভিভূত হৈছিলো। হয়তো তেতিয়াই মই সংগীতৰ প্ৰেমত পৰো।’
সেয়াই আছিল আৰম্ভণি। ইয়াৰ পিছত পিতৃৰ উপদেশত ড০ দিলিপ ৰঞ্জন বৰঠাকুৰৰ ওচৰত তাবলাৰ সংগীতৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰে। বৰ্তমান তেওঁ তাবলাৰ লগতে গিটাৰ, মেণ্ডোলিন, কিব’ৰ্ড আৰু ঢোল আদি বজোৱাত সমানেই নিপুণ।
ডনি হাজৰিকাৰ সংগীতৰ এক স্বকীয় শৈলী আছে। বিশেষকৈ অসমৰ থলুৱা সংগীতক আধুনিক সংগীতৰ সৈতে ফিউজন কৰি সৃষ্টি কৰা তেওঁৰ কম্পোজিশ্যন সমূহে শ্ৰোতাৰ যথেষ্ট সমাদৰ লাভ কৰিছে। ইয়াৰ এক উৎকৃষ্ট উদাহৰণ হ’ল আয়া বিহু ঝুম কে শীৰ্ষক গীতটো।
লগতে পঢ়ক : কোভিড ভেকচিন ল’লেহে আপুনি সুৰা ক্ৰয় কৰিব পাৰিব

তেওঁৰ বহ্নিমান: দ্যা ফ’ক ফ্ল’ছ (Bohnimaan The Folk Flows)শীৰ্ষক ৮টা গানৰ এলবামটো টাইমছ মিউজিক উপলব্ধ। ইয়াত তেওঁ বৰগীত, লোকগীত, জিকিৰ, ঝুমুৰ, নিচুকনি গীত আদি বিভিন্ন থলুৱা শৈলীৰ ফিউজন কৰিছে।
নিজৰ সংগীত যাত্ৰাৰ বিষয়ে তেওঁ আৰু কয়, ‘সেই সময়ত কেৱল সংগীত কৰি চলাটো যথেষ্ট কঠিন আছিল। মই ডিব্ৰুগড়ৰ আছিলো। যথেষ্ট পৰিশ্ৰম কৰিছিলো যদিও মই এই কথা জানিছিলো যে ইয়াত থাকিলে মই পাব বিচৰা স্থানত উপনীত হ’ব নোৱাৰিম। যেতিয়াই মই সেই কথা উপলব্ধী কৰিলো পকেটত মাত্ৰ ৩৫০ টকা লৈ ঘৰৰ পৰা মই গুৱাহাটী গুচি আঁহো।’
গুৱাহাটীত আহি বিভিন্ন মানুহৰ লগত তেওঁ কাম কৰিবলৈ আৰম্ভ কৰে আৰু খুব কম সময়ৰ ভিতৰতে ভাল ভাল সংগীত পৰিচালক, সংগীত ব্যৱস্থাপক আদিৰ মাজত জনপ্ৰিয় হৈ উঠে। গুৱাহাটীত কিছু কাল এইদৰে কাম কৰি অভিজ্ঞতা গোটাই তেওঁ ২০০৮ চনত মুম্বাইলৈ উৰা মাৰে আৰু তাৰ পিছত এক অন্য যাত্ৰা আৰম্ভ হয়।
আজি পৰ্য্যন্ত তেওঁ প্ৰায় ৪০ খন টিভি চিৰিয়েলত সংগীত দিছে। ইয়াৰ সমান্তৰালভাৱে তেওঁ তেওঁ বহু কেইখন জনপ্ৰিয় অসমীয়া ছবিটো সংগীতৰ কাম কৰি আহিছে।
ইংৰাজীত পঢ়ক : World Music Day: How Dony Hazarika brings global attention to local Assamese music