নিউজ ডেস্ক : পৰিৱেশ সংৰক্ষণৰ প্ৰতি সাধাৰণ মানুহৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰৰ ২৮ জুলাইৰ দিনটোক বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস হিচাপে পালন কৰা হয়। বিশ্বৰ আন প্ৰান্তৰ দৰে আমাৰ অসমতো এনে কিছু ব্যক্তি আছে যি অহৰ্নিশে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নিজৰ অৱদান আগবঢ়াই আহিছে। এই ক্ষেত্ৰত ‘ফৰেষ্ট মেন’ হিচাপে খ্যাত যাদৱ পায়েঙৰ অসমৰ মানুহৰ আগত পৰিচয় দাঙি ধৰাৰ কোনো প্ৰয়োজন নাই।

আজি এই লেখাটোৰ জৰিয়তে আমি আপোনালোকৰ আগত আন কেইগৰাকী মান পৰিৱেশ কৰ্মীৰ কথা ক’ব বিচাৰিছো, এই আশা লৈ তেওঁলোকৰ কৰ্মই আমাকো পৰিৱেশ সংৰক্ষণৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰে –

ঋতুৰাজ ফুকন

চৰকাৰী চাকৰি বাদ দি পৰিৱেশ সংৰক্ষণৰ বাবে আগবাঢ়ি অহা ঋতুৰাজ ফুকনে পৰিৱেশ, জলবায়ু পৰিৱৰ্তন আৰু বন্যপ্ৰাণীক লৈ লেখা-মেলা কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সম্পৰ্কীয় সচেতনতা সৃষ্টিৰ দিশত কাম কৰি আহিছে। বৰ্তমান তেওঁ গ্ৰীন গাৰ্ড নেচাৰ অৰ্গেনাইজেশ্যন (Green Guard Nature Organization) নামৰ সংস্থাৰ সাধাৰণ সম্পাদক। এই সংস্থাটোৱে বনাঞ্চল সমূহৰ দাঁতিকাষৰীয়া গাঁৱত মানুহ আৰু বন্যপ্ৰাণীৰ মাজত চলি অহা সংঘাতৰ এক দীৰ্ঘম্যাদী সমাধানৰ বাট বিচৰাৰ উদ্দেশ্যে কাম কৰি আহিছে।

ইয়াৰ উপৰি ‘ৱাক ফৰ ৱাটাৰ’ (Walk for Water) নামৰ এটা স্বেচ্ছাসেৱী  সংস্থাৰ সৈতে জড়িত হৈ তেওঁ জল সংৰক্ষণৰ ওপৰত কাম কৰি আহিছে। ‘ৱাক ফৰ ৱাটাৰ’ অভিযানৰ ফলশ্ৰুতিত ২০১৭ চনত ভাৰতৰ প্ৰতিখন জিলাত বিশ্ব জল দিৱস উদযাপন কৰা হৈছিল।

Igniting Minds Magazine নামৰ আলোচনীখনৰ সহযোগী সম্পাদক ফুকনে জয়বায়ু পৰিৱৰ্তন সম্পৰ্কীয় শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া ‘Climate Reality Project’ নামৰ অনুষ্ঠানটোৰ এগৰাকী মেণ্টৰ। ১০২৯ চনত বিশ্বৰ কেইবাখনো দেশে ভাগ লোৱা Climate Force Arctic Expedition-ত ভাৰতক প্ৰতিনিধিত্ব কৰা ফুকন অসমৰ একমাত্ৰ ব্যক্তি আছিল।

বিনোদ দুলু বৰা

নগাঁও জিলাৰ প্ৰকৃতি প্ৰেমী যুৱক বিনোদ দুলু বৰাই বিগত কেইবা বছৰ ধৰি বন্যপ্ৰাণী উদ্ধাৰ আৰু সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত নিৰবচ্ছিন্নভাৱে কাম কৰি আহিছে। বিগত বছৰসমূহত তেওঁ হাতীৰ পোৱালি, বাঘৰ পোৱালি, হৰিণা, কেঁকোসাপ আদিৰ লগতে সাপ, কাছ, চৰাই আদি অসংখ্য প্ৰাণী উদ্ধাৰ কৰিছে। ইয়াৰ উপৰি যোৱা ৬ বছৰত তেওঁ ২৫,০০০ গছপুলি ৰোপন কৰিছে।

প্ৰকৃতি সংৰক্ষণ আৰু হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰি অহা বৰাই তেওঁৰ স্বেচ্চাসেৱী সংগঠন হাতীবন্ধুৰ জৰিয়তে হাতী-মানুহৰ সংঘাট ৰোধৰ উদ্দেশ্যে বনৰীয়া হাতীৰ বাবে এখন ফাৰ্ম আৰম্ভ কৰিছে।  

২০১৪ চনত তেওঁ Sanctuary Asia ৰ ‘ৱাইল্ড লাইফ চাৰ্ভিচ এৱাৰ্ড’ আৰু বালিপাৰা ফাউণ্ডেচনৰ পৰা ‘Conservation through Innovation Award’ লাভ কৰিছে।

পূৰ্ণিমা দেৱী বৰ্মন

‘হাড়গিলা বাইদেউ’ হিচাপে পৰিচিত পূৰ্ণিমা দেৱী বৰ্মণ অসমৰ ৰাইজৰ এটি চিনাকী নাম। এগৰাকী পৰিৱেশ কৰ্মী পূৰ্ণিমা দেৱী বৰ্মনে হাড়গিলা চৰাইৰ সংৰক্ষণৰ উদ্দেশ্যে আৰম্ভ কৰা ‘হাড়গিলা আৰ্মি’ নামৰ সংগঠনটোৰ বৰ্তমান সদস্যৰ সংখ্যা ১০,০০০-ৰ অধিক হ’ব। তেওঁলোকে ৰাইজৰ মাজত হাড়গিলা চৰাইৰ সংৰক্ষণ আৰু পৰিৱেশ সজাগতাৰ দিশত কাম কৰে।

হাড়গিলা চৰাইৰ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়াই অহা বিশি্ষ্ট অৱদানৰ বাবে বৰ্মণক ২০১৭ চনত গ্ৰীণ অস্কাৰ বা Whitley Award- ৰে সন্মানিত কৰা হয়। ইয়াৰ উপৰি আন বহু সন্মানেৰে বিভূষিত বৰ্মণক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা নাৰী শক্তি পুৰস্কাৰৰে সন্মানিত কৰা হৈছিল।

মনোজ গগৈ

সকলোৰে চিনাকী পকৃতিপ্ৰেমী তথা পক্ষী প্ৰেমী যুৱক মনোজ গগৈ এগৰাকী বন্যপ্ৰাণী সংৰক্ষণবিদ আৰু বন্যপ্ৰাণী পুনৰসংস্থাপনবিদ। তেওঁ এতিয়ালৈকে হৰিণা, বন গাহৰি, নাহৰফুটুকী বাঘকে ধৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰায় ৫০০০তকৈ অধিক প্ৰাণী উদ্ধাৰ আৰু পুনৰসংস্থাপন কৰিছে।

এগৰাকী পৰ্যটকসকলৰ গাইড হিচাপে কৰ্মজীৱন আৰম্ভ কৰা গগৈয়ে ২০০৮ চনত Naturalist for Rehabilitation of Snakes and Birds (NRSB) নামৰ সংগঠনটো আৰম্ভ কৰে। বৰ্তমান কাজিৰঙা আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলৰ ১০০তকৈ অধিক যুৱক-যুৱতীয়ে তেওঁৰ সৈতে প্ৰকৃতি সংৰক্ষণৰ কামত জড়িত হৈছে।

কৰবেট ফাউণ্ডেচনে তেওঁক ২০১৪ চনত ‘বন্যপ্ৰাণী যোদ্ধা’ উপাধি প্ৰদান কৰিছিল। তেওঁ কৰি কামৰ স্বীকৃতি স্বৰূপে ২০১৯ চনত তেওঁক সমাজ সেৱাৰ পৰিৱেশ শিতানত ‘ইণ্ডিয়া ষ্টাৰ পেছন এৱাৰ্ড ২০১৯’ প্ৰদান কৰা হয়। তেওঁক লৈ ধৃতিমান কাকতিয়ে ‘The Man who ‘Speaks‘ Nature’ নামৰ এখন পুৰস্কাৰপ্ৰাপ্ত চুটি ছবি নিৰ্মাণ কৰিছে।

লগতে পঢ়ক : আপুনি জানেনে উত্তৰ-পূব কিয় জৈৱ বৈচিত্ৰৰ হটস্পট?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,286 other subscribers

Leave a comment

Leave a Reply