আপুনি চিগাৰেট বা ধপাত জাতীয় সামগ্ৰী সেৱন কৰে নেকি? যদি কৰে তেন্তে ক’ভিড মহামাৰীৰ এই সময়খিনিয়ে ধূমপানৰ অভ্যাস ত্যাগ কৰাৰ বাবে উপুযুক্ত সময়।
আজি বিশ্ব ধপাত বিৰোধী দিৱস, বিশ্ব স্বাস্থ্য সংস্থাই ‘ত্যাগ কৰিবলৈ প্ৰতিজ্ঞা কৰো আঁহক’ শীৰ্ষক শ্ল’গানটো এইবাৰ এই দিৱসৰ মূল বিষয় হিচাপে লৈছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ গৱেষনাত চিগাৰেট বা ধপাত জাতীয় সামগ্ৰী সেৱন আৰু ক’ভিড ১৯ৰ মাজত কেতবোৰ উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। বিশ্ব স্বাস্থ্য সংস্থাই গৱেষক, বিজ্ঞানি আৰু সংবাদ মাধ্যমক কোনোধৰণৰ পৰীক্ষা নকৰাকৈ ধূমপান বা নিকোটিন গ্ৰহণে ক’ভিড ১৯ৰ সংক্ৰমণ ৰোধ কৰে বুলি প্ৰচাৰ নকৰিবলৈ সতৰ্ক কৰি দিছে।
ধূমপানৰ ফলত প্ৰতি বছৰে ৮০ লাখ লোকৰ মৃত্যু হয় আৰু ক’ভিড-১৯ত ধূমপানকাৰীসকলৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক বা মৃত্যু পৰ্য্যন্ত হোৱাৰ সম্ভাৱনা অধিক বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে।
ইয়াৰ উপৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধূমপানৰ ফলত ভাৰতৰ ভিতৰতে আটাইতকৈ বেছি লোকৰ মৃত্যু হয়।
লগতে পঢ়ক : খৰাং, ক’ভিড মহামাৰীত ভাৰাক্ৰান্ত অসমৰ চাহ উদ্যোগ আৰু শ্ৰমিকৰ জীৱনৰ অনিশ্চয়তা
ধূমপান ত্যাগ কৰিলে কি কি লাভ হয়:
উচ্চ ৰক্তচাপ কমিবলৈ ধৰে। তেজত কাৰ্বন মন’ক্সাইডৰ মাত্ৰা স্বাভাৱিকলৈ আহে। তেজৰ চলাচল আৰু হাওফাওৰ কাম-কাজ উন্নত হয়।
কাঁহ আৰু উশাহ-নিশাহৰ হ্ৰস্বতা কমি আহে।হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা কমে।কণ্ঠনলীৰ
কেঞ্চাৰত আক্ৰান্ত হোৱাৰ সম্ভাৱনা হ্ৰাস পায়।
হাওফাওৰ কেঞ্চাৰত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সম্ভাৱনা তথা হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা হ্ৰাস পায়।